বেয়া হোৱা পেনড্ৰাইভ আৰু মেমৰিকাৰ্ড কেনেকৈ ভাল কৰিব?

আজিৰ এই প্ৰযুক্তিনিৰ্ভৰ যুগত বাস কৰা আমি সকলোৱেই ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ কৰো। আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ভিতৰত পেনড্ৰাইভ আৰু মেমৰিকাৰ্ড অন্যতম। মিউজিক চিষ্টেমত বজাবলৈ গান চিলেক্ট কৰি ৰখাৰ পৰা আৰম্ভ কৰি, বিভিন্ন ডাটা সংৰক্ষণ আৰু সৰবৰাহ তথা আৰু অলেখ কামত আমি পেনড্ৰাইভ আৰু মেমৰিকাৰ্ড ব্যৱহাৰ কৰো। 

পিছে বহুসময়ত পেনড্ৰাইভ অথবা মেমৰিকাৰ্ড সাধাৰণ পদ্ধতিৰে ফৰমেট নহয়। অথবা কেতিয়াবা পেনড্ৰাইভ অথবা মেমৰিকাৰ্ডত থকা ডাটা অন্য স্থানলৈ কপি কৰিব নোৱাৰি তথা পেনড্ৰাইভ অথবা মেমৰিকাৰ্ডখনত নতুন ডাটা পেষ্ট কৰিব নোৱাৰি। আৰু কেতিয়াবা পেনড্ৰাইভ অথবা মেমৰিকাৰ্ড ইজ ডেমেজ বা তেনেধৰণৰ মেছেজ দেখুৱাই। এই ধৰণৰ সমস্যা হ’লে আমি প্ৰায়েই নতুন পেনড্ৰাইভ অথবা মেমৰিকাৰ্ড কিনি পুৰণিখন পেলাই দিও। কিন্তু বহুক্ষেত্ৰত কেইটামান পদ্ধতিৰে ফৰমেট কৰি বেয়া হোৱা পেনড্ৰাইভ তথা মেমৰিকাৰ্ড কাৰ্যক্ষম কৰি তুলিব পাৰি। গতিকে পেনড্ৰাইভ বা মেমৰিকাৰ্ডৰ এনেধৰণৰ সমস্যা হ’লে পেলাই দিয়াৰ আগতে তলৰ পদ্ধতিকেইটাৰে এবাৰ ফৰমেট কৰি চাওক। কিয়নো আপুনি বেয়া বুলি পেলাই দিবলৈ লোৱা পেনড্ৰাইভ অছবা মেমৰিকাৰ্ডখন ভাল হৈ উঠাৰ সম্ভাৱনাই অধিক।  

পেনড্ৰাইভ আৰু মেমৰি কাৰ্ড ফৰ্মেট কৰাৰ কাৰ্যকৰী পদ্ধতি

প্ৰথমে উণ্ডজ কম্পিউটাৰ বা লেপটত পেনড্ৰাইভ বা মেমৰিকাৰ্ডখন ইউএছবিত সংযুক্ত কৰি লওক। ইয়াৰ বাবে আপুনি Windows XP, Windows 7 অথবা Windows 10 থকা যিকোনো কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে। 

পদ্ধতি নং 1: উইণ্ডজৰ Disk Management 

      •  Startৰ পৰা Run ত ক্লিক কৰক অথবা Win+ R keys প্ৰেছ কৰক।
      • এতিয়া খোল খোৱা run উইণ্ডজখনত diskmgmt.msc টাইপ কৰি এণ্টাৰ কৰক (ছবি নং 1)। উইণ্ডজৰ Disk Managementত কম্পিউটাৰৰ ভিতৰত থকা ড্ৰাইভ আৰু আপুনি সংযোগ কৰি থোৱা পেনড্ৰাইভ বা মেমৰি কাৰ্ডখন লিষ্ট হিচাপে দেখুৱাব।
      • এতিয়া পেনড্রাইভ বা মেমৰি কার্ডখনৰ ওপৰলৈ মাউচটো নি ৰাইট ক্লিক কৰি format অপচনটো চিলেক্ট কৰি ফৰমেট কৰক (ছবি নং 2)।
        ছবি ১
        ছবি২

পদ্ধতি নং 2: কামাণ্ড প্ৰম্পট্

এই পদ্ধতিটো ব্যৱহাৰ কৰাৰ আগেয়ে চাই লওক কম্পিউটাৰত আপুনি সংযুক্ত কৰা পেনড্ৰাইভ বা মেমৰিকাৰ্ডখন দেখাওতে কি ড্ৰাইভ লেটাৰ এছাইন হৈছে। মোৰ কম্পিউটাৰত দেখুৱাইছে G ড্ৰাইভ হিচাপে। আপোনাৰ কম্পিউটাৰত D হ’ব পাৰে, H হ’ব পাৰে অথবা L আদি যিকোনো এটা লেটাৰ হ’ব পাৰে। এতিয়া,

      • Startৰ পৰা Run ত ক্লিক কৰক অথবা Win + R keys প্ৰেছ কৰক।
      • ষ্টাৰ্ট মেন্যুত cmd লিখি Enter কৰক।
      • নতুনকৈ খোল খোৱা run উইণ্ডজখনত cmd লিখি Enter কৰক।
      • এতিয়া format G: কামাণ্ড টাইপ কৰি Enter কৰক। ইয়াত Gৰ ঠাইত আপোনাৰ পেনড্ৰাইভৰ ড্ৰাইভ লেটাৰহে টাইপ কৰিব। অন্যথা আপোনাৰ কম্পিউটাৰৰ অন্য ড্ৰাইভ ফৰমেট হৈ আপোনাৰ সমস্যা মাতি আনিব।
      • Enter প্ৰেছ কৰা লগে লগে “Y/N” ডিছপ্লে’ হ’লে Y লিখি Enter প্ৰেছ কৰক। আপুনি যদি মাইক্ৰছফট উইণ্ডজৰ শেহতীয়া আপডেপ ব্যৱহাৰ কৰি আছে তেন্তে এই “Y/N” শাৰীটো নাহিবও পাৰে।
      • প্ৰচেছ যদি সম্পূৰ্ণ হ’ল তেন্তে cmd উইণ্ডজখন কাটি দি সাধাৰণতে আপুনি পেনড্ৰাইভ যেনেদৰে ফৰমেট কৰে তেনেদৰে এবাৰ ফৰমেট কৰক।

পদ্ধতি নং 3: ডিস্কপাৰ্ট

      • প্ৰথমে পেনড্ৰাইভ বা মেম’ৰিকাৰ্ডটো কম্পিউটাৰত লগাই ষ্টাৰ্ট মেন্যুত cmd লিখি এন্টাৰ কৰক অথবা Win+ R keys প্ৰেছ কৰক।
      • কামাণ্ড প্ৰম্পট্ ৰান হোৱাৰ পাছত diskpart লিখি এন্টাৰ কৰক (ছবি নং 5)। এতিয়া User Access Control Window পপআপ হ’ব পাৰে। য’ত লিখা থাকিব Do you want to allow this app to make changes to your device? আৰু তলত Yes তথা Noৰ অপচন থাকিব। Yes প্ৰেছ কৰি আগবাঢ়ক (ছবি নং 6)। আগৰ কামাণ্ডপ্ৰম্পট্ উইণ্ডৰ ওপৰত diskpartৰ উইণ্ড খোল খাব।
      • ইয়াৰ পাছত list disk লিখি এণ্টাৰ কৰক (এতিয়া কম্পিউটাৰত সংযুক্ত হৈ থকা সকলো ড্ৰাইভ দেখা পাব disk 0, disk 1 এনেধৰণৰ ক্ৰমত। গতিকে কম্পিউটাৰত পেনড্ৰাইভ বা মেম’ৰিকাৰ্ডটোৰ ডিস্ক নম্বৰ জানিবলৈ ষ্টাৰ্টত গৈ msc টাইপ কৰি এন্টাৰ কৰক। ধৰি ল’লো আপোনাৰ পেনড্ৰাইভৰ ড্ৰাইভ নম্বৰ 1)
      • এতিয়া select disk 1 লিখি এন্টাৰ কৰক।
      • ইয়াৰ পাছত clean লিখি এণ্টাৰ কৰক।
      • এতিয়া create partition primary লিখি এণ্টাৰ কৰক (ছবি নং 7)।
      • Diskpart আৰু কামাণ্ডপ্ৰম্পট উইণ্ড বন্ধ কৰিবলৈ exit লিখি Enter কৰক। বচ্, হৈ গ’ল আপোনাৰ কাম। এতিয়া My Computer বা This PCত সোমাই পেনড্ৰাইভটো এবাৰ ফৰমেট কৰিলেই পুনৰ ব্যৱহাৰযোগ্য হৈ উঠিব আপোনাৰ বেয়া হৈ পৰা পেনড্ৰাইভ বা মেমৰিকাৰ্ড।

পদ্ধতি নং 4 : ছফটৱেৰ

ওপৰৰ তিনিওটা পদ্ধতিৰে ইউএছবি ডিস্ক ফৰমেট নহ’লে শেষ উপায়টো হ’ল তৃতীয় পক্ষৰ ছফটৱেৰৰ সহায়ত ফৰমেট কৰিবলৈ চেষ্টা কৰা। ইণ্টাৰনেটত এনধৰণ অলেখ ছফটৱেৰ পোৱা যায় যদিও মই HP USB Disk Storage Format Tool ব্যৱহাৰ কৰো। কিয়নো এইটো হ’ল বিশ্বাসযোগ্য কোম্পানী এইছপিয়ে বনোৱা বিশ্বাসযোগ্য আৰু মানক তথা সহজ ইণ্টাৰফেচৰ ছফটৱেৰ। ছফটৱেৰটোৰ ডাউনলোড লিংকঃ https://www.techspot.com/downloads/downloadnow/6582/?evp=1fde08aa623352543aa088f94801015c&file=1

যদি এই আটাইকেইটা পদ্ধতি অৱলম্বন কৰাৰ পাছতো আপোনাৰ পেনড্ৰাইভ অথবা মেমৰিকাৰ্ডখন ভাল হৈ নুঠে তেতিয়াহে নতুন এটা পেনড্ৰাইভ বা মেমৰিকাৰ্ডৰ কথা ভাৱক। যদি এই লেখাটো কামত আহিছে তেন্তে আপোনাৰ প্ৰিয় লোকসকলৰ সৈতে তলত উল্লেখ কৰা বিভিন্ন ছছিয়েল মিডিয়াৰ লিংকত ক্লিক কৰি শ্বেয়াৰ কৰিবলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। 

714 thoughts on “বেয়া হোৱা পেনড্ৰাইভ আৰু মেমৰিকাৰ্ড কেনেকৈ ভাল কৰিব?

Leave a Reply

Your email address will not be published. Required fields are marked *