আইঅটিৰ (IoT) অন্বেষণঃ এখন স্মাৰ্ট, সংযুক্ত পৃথিৱী

বিজুলীৰ গতিৰে প্ৰযুক্তিৰ বিকাশ হোৱা আমাৰ পৃথিৱীখনত ইণ্টাৰনেট অৱ থিংছ (IoT)ক গেম-চেঞ্জাৰ আখ্য়া দিয়া হৈছে। ইণ্টাৰনেট অৱ থিংছ বুলিলে ইণ্টাৰনেটৰ সৈতে সংযুক্ত দৈনন্দিন ব্য়ৱহাৰ্য বস্তু বা সামগ্ৰীৰ নেটৱৰ্কক বুজোৱা হয়। ইণ্টাৰনেটৰ জৰিয়তে তথ্য ভাগ-বতৰা সহায়ত এই সামগ্ৰীসমূহক আন্তঃসংযোগ কৰি আমাৰ জীৱন-ধাৰণৰ প্ৰণালী সহজ আৰু অধিক কাৰ্যক্ষম কৰি তোলাই এই প্ৰযুক্তিৰ উদ্দেশ্য়। 

এটা কাহিনী কল্পনা কৰক, পুৱাৰ এলাৰ্ম শুনি আপোনাৰ লগতে সাৰ পাই উঠিছে পাকঘৰত থকা থাৰ্মোষ্টেটটো। আৰু আপুনি কিমান উঞ্চ কফি খাই ভাল পাই, সেই অনুপাতৰ সামঞ্জস্য ৰাখি কফি বনাবলৈ আৰম্ভ কৰিছে। আপুনি ফ্ৰেছ হৈ অহালৈ কফি ৰেডি। কেনে লাগিব ভাৱকচোন। বহুতৰ বাবে এয়া এক সপোনৰ যেন লাগিলেও কিছুলোকৰ বাবে এয়া আকৌ দৈনন্দিনৰ এক নৈমত্তিক ৰুটিন মাত্ৰ। পাছে এয়া সমুদ্ৰৰ বিশাল তুষাৰস্তুপৰ ওপৰত ওলাই থকা ঠিক সৰু আগটোহে। আপোনাৰ উষ্ণতাৰ পছন্দসমূহ মুখস্ত কৰি ৰাখিব পৰা স্মাৰ্ট থাৰ্মোষ্টেটটোৰ পৰা আৰম্ভ কৰি ব্য়ক্তিগত স্বাস্থ্য নিৰীক্ষণ কৰা পৰিধানযোগ্য ফিটনেছ ট্ৰেকাৰলৈকে ইণ্টাৰনেট অৱ থিংছ ডিভাইছৰ এখন দীঘলীয়া তালিকা আছে।

মূলতে, IoT ডিভাইচসমূহ ইয়াত সন্নিৱিষ্ট চেন্সৰ আৰু ক্ষুদ্ৰ কম্পিউটাৰ চিপৰ ওপৰত নিৰ্ভৰশীল। এই চেন্সৰবোৰে উষ্ণতা, পোহৰ, গতি, আনকি হৃদস্পন্দনৰ দৰে তথ্য সংগ্ৰহ কৰে। তাৰ পিছত ডিভাইচসমূহে ইণ্টাৰনেট ব্যৱহাৰ কৰি এই তথ্য অন্য ডিভাইচ বা এপ্লিকেচনসমূহলৈ প্ৰেৰণ কৰে, যাৰ ফলত আন্তঃসংযোগৰ এখন জাল বা ৱেবৰ সৃষ্টি হয়।

IoT ৰ প্ৰভাৱ উদ্যোগসমূহৰ মাজত দেখা যায়। স্বাস্থ্যসেৱাত পৰিধানযোগ্য যন্ত্ৰই চিকিৎসকলৈ বাস্তৱ সময়ৰ স্বাস্থ্য তথ্য প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ৰোগীৰ চিকিৎসা তথা পৰিচৰ্যাৰ উন্নতি ঘটে। কৃষিক্ষেত্ৰত মাটিত থকা চেন্সৰসমূহে শস্যক পানীৰ প্ৰয়োজন হ’লে কৃষকক সতৰ্ক কৰি দিব পাৰে। এনে তথ্যসমূহ কৃষিক্ষেত্ৰৰ উৎপাদন বৃদ্ধিত সহায়ক হৈ উঠে। স্মাৰ্ট চহৰসমূহে যাতায়ত আৰু শক্তিৰ ব্যৱহাৰ নিৰীক্ষণ কৰিবলৈ IoT ব্যৱহাৰ কৰে। ফলস্বৰূপে অধিক বহনক্ষম নগৰীয়া পৰিৱেশ সৃষ্টি হয়।

কিন্তু IoT এ সুবিধা আৰু কাৰ্যক্ষমতা প্ৰদান কৰিলেও গোপনীয়তা আৰু সুৰক্ষাৰ এক চিন্তাৰ বিষয়। কিয়নো ডিভাইচসমূহে অহৰহ তথ্য সংগ্ৰহ আৰু প্ৰেৰণ কৰে। ইয়াতেই অপব্যৱহাৰৰ সম্ভাৱনা আহি পৰে। নিৰ্মাতা আৰু বিকাশকসকলে এনক্ৰিপচন আৰু নিয়মীয়া আপডেইটৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰিবলৈ কাম কৰি আছে।

সামৰণিত ক’ব পাৰি যে IoT এ এখন নিৰৱচ্ছিন্নভাৱে সংযুক্ত পৃথিৱী সৃষ্টি কৰি আমি জীয়াই থকা আৰু কাম কৰাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। আমাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈকে আৰু ইয়াৰ বাহিৰতো, IoT ডিভাইচসমূহে প্ৰযুক্তিৰ সৈতে আমাৰ যোগাযোগ কৰাৰ ধৰণ সলনি কৰিছে। এই প্ৰযুক্তি আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰ সুবিধাসমূহ আঁকোৱালি লোৱাটো গুৰুত্বপূৰ্ণ আৰু লগতে ইয়াৰ দ্বাৰা আহিব পৰা সম্ভাৱ্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও সচেতন হোৱাটো প্ৰয়োজনীয়।

কেইবিধমান বহুক ব্য়ৱহৃত IoT ডিভাইচ আৰু এপ্লিকেচনঃ
স্মাৰ্ট থাৰ্মোষ্টেট (Smart Thermostats): নেষ্ট লাৰ্নিং থাৰ্মোষ্টেটৰ দৰে ডিভাইচে আপোনাৰ উষ্ণতাৰ পছন্দ মুখস্ত কৰে আৰু সেই তথ্য়ৰ সামঞ্জস্যৰে আমাৰ সময়, শক্তি আৰু ধন ৰাহি কৰে।

পৰিধানযোগ্য ফিটনেছ ট্ৰেকাৰ (Wearable Fitness Tracker): ফিটবিটৰ দৰে ডিভাইচসমূহে আপোনাৰ খোজ, হৃদস্পন্দন, আৰু টোপনিৰ ধৰণ নিৰীক্ষণ কৰে। আপোনাক সুস্থ আৰু সক্ৰিয় হৈ থাকিবলৈ সহায় কৰে।

সংযুক্ত ঘৰ সুৰক্ষা ব্যৱস্থাপ্ৰণালী (Connected Home Security Systems): ৰিঙৰ (Ring) ৰ দৰে ব্যৱস্থাপ্ৰণালীয়ে কেমেৰাৰ জৰিয়তে আপোনাৰ ঘৰ নিৰীক্ষণ কৰাৰ সুবিধা প্ৰদান কৰে আৰু কোনো অস্বাভাৱিক কাৰ্য্যকলাপ ধৰা পৰিলে আপোনাৰ স্মাৰ্টফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰে।

স্মাৰ্ট ফ্ৰীজ (Smart Refrigerators): এই ফ্ৰীজবোৰে গেলামালৰ বস্তু কম হ'লে আপোনাক অৱগত কৰিব পাৰে, বজাৰ কৰা তালিকা তৈয়াৰ কৰিব পাৰে, আনকি ভিতৰত কি আছে তাৰ ওপৰত ভিত্তি কৰি ৰেচিপিৰ পৰামৰ্শ দিব পাৰে।

স্মাৰ্ট লাইটিং (Smart Lighting): ফিলিপছ হিউৰ দৰে বাল্ব স্মাৰ্টফোন এপৰ জৰিয়তে দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰি, পোহৰৰ ৰং আৰু উজ্জ্বলতাৰ মাত্ৰা সলনি কৰিব পাৰি।

সংযুক্ত গাড়ী (Connected Cars): IoT প্ৰযুক্তিৰে সজ্জিত গাড়ীয়ে বাস্তৱ সময়ৰ নিদান, জিপিএছ নেভিগেচন, আনকি দুৰ্ঘটনাৰ ক্ষেত্ৰতো জৰুৰীকালীন সহায় আগবঢ়াব পাৰে।

ঔদ্যোগিক আইঅটি(IIoT): IoT চেন্সৰে ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে যন্ত্ৰপাতি নিৰীক্ষণ কৰিব পাৰে আৰু উৎপাদন প্ৰক্ৰিয়াক অনুকূল কৰিব পাৰে।

স্মাৰ্ট কৃষি (Smart Agriculture): কৃষিত IoT যন্ত্ৰই মাটিৰ আৰ্দ্ৰতা, বতৰৰ অৱস্থা, আনকি পশুধনৰ স্বাস্থ্যও অনুসৰণ কৰিব পাৰে। IoTৰ সহায়ত কৃষকসকলে সঠিক সিদ্ধান্ত লোৱাত সহজ হৈ উঠে।

পৰিধানযোগ্য স্বাস্থ্যসেৱাৰ সামগ্ৰী (Healthcare Wearables): ইচিজি মনিটৰ আৰু ইনচুলিন পাম্পৰ দৰে ডিভাইচ, বাস্তৱ সময়ত চিকিৎসকলৈ জটিল স্বাস্থ্য তথ্য প্ৰেৰণ কৰিব পৰাকৈ সক্ষম। এনে ডিভাইছে ৰোগীৰ পৰিচৰ্যা সৰল কৰি তুলিছে।

স্মাৰ্ট চিটি আন্তঃগাঁথনি (Smart City Infrastructure): স্মাৰ্ট চিটিত ট্ৰেফিক ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনা আৰু শক্তি খৰচ অনুকূলনৰ বাবে IoT ব্যৱহাৰ কৰা হয়।

এই উদাহৰণসমূহে IoT প্ৰযুক্তিৰ বহুমুখীতা আৰু ই আমাৰ জীৱনৰ বিভিন্ন দিশত কেনে প্ৰভাৱ পেলাইছে তাকেই প্ৰকাশ কৰিছে।




2 thoughts on “আইঅটিৰ (IoT) অন্বেষণঃ এখন স্মাৰ্ট, সংযুক্ত পৃথিৱী

  • October 14, 2023 at 11:02 am
    Permalink

    Что же вы получите по ссылке – Скачать Игровые автоматы Капитан Джек apk

    Описание игры:

    Сегодня на обзоре обсудим Игровые автоматы Капитан Джек на Андроид от крутого разработчика.
    Главные параметры:
    1. Объем пустой памяти телефона – 287 MB, очистите память от неиспользуемых игр, файлов или программ для комфортного старта.
    2. Операционная система – Android 6+, советуем посмотреть параметры вашего телефона потому что, из-за несоответствия требованиям, могут быть проблемы с установкой.
    3. Популярность – по последним данным она составляет 95439700, о крутости приложения красноречиво показывает сумма загрузок, внесите свой вклад в популярность.
    4. Дата обновления – на сайте опубликована версия приложения от 27.09.23 – установите приложение, если вы загрузили не обновленную версию.
    Программа исполняет свою важнейшую функцию, помогает вам в решеннии поставленных задач и экономит ваше время. Важнейшее несходство Игровые автоматы Капитан Джек – Unlocked – открытые перспективы, которые улучшат программный процесс, а вам не нужно искать полную версию. Что касается графики, то все на замечательном уровне, точно так же, как и мелодии. Вам выбирать – использовать оригинальную версию или установить МОД. Не забывайте открывать наш сайт для обновления отличных приложений.

    Доступная ссылка:

    http://android-igry-mod.ru/casino/2512-skachat-vzlomannuyu-igrovye-avtomaty-kapitan-dzhek-besplatnye-pokupki-mod-apk-na-android.html

    Рекомендуемые сайты:

    Скачать Игровые автоматы Капитан Джек apk – Невероятные читы и взломы! Игровые автоматы Капитан Джек взлом – Невероятный взломы игры! Игровые автоматы Капитан Джек MOD Меню – Невероятный взломы игры! 486f1ea

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *