মোবাইল নেটৱৰ্কৰ ডিকোডিং: ই প্ৰকৃততে কেনেকৈ কাম কৰে?

ৰহস্যৰ আঁৰৰ কথাঃ
বৰ্তমানৰ পৃথিৱীখনত আমিবোৰ সংযুক্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। এই নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাত মোবাইল নেটৱৰ্কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ স্মাৰ্টফোনে কেনেকৈ প্ৰায় যিকোনো ঠাইৰ পৰাই বাৰ্তা প্ৰেৰণ কৰিব পাৰে, ফোনকল কৰিব পাৰে আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে? এয়া সম্ভৱ কৰি তুলিছে মোবাইল নেটৱৰ্কে। আহকচোন, এই লেখাটোত আমি মোবাইল নেটৱৰ্কৰ কাম-কাজৰ সম্পৰ্কে অতি সহজ ভাষাত বুজিব পৰাকৈ পুংখানুপুংখভাৱে আলোচনা কৰো।

দ্য ফাউণ্ডেশ্যন: চেলুলাৰ আৰ্কিটেকচাৰ
মোবাইল নেটৱৰ্কৰ মূলতে আছে এটা চেলুলাৰ আৰ্কিটেকচাৰ। কল্পনা কৰক যে কভাৰেজ এৰিয়াটো ষড়ভুজ চেল (hexagonal cells)ত ভাগ কৰা হৈছে। প্ৰত্যেকৰে নিজস্ব ভিত্তি ষ্টেচন বা চেল টাৱাৰ (cell tower) আছে। এই চেলবোৰৰ অভাৰলেপৰ জৰিয়তে এনে এক এটা নেটৱৰ্ক সৃষ্টি কৰা হয় যিয়ে চহৰ, নগৰ, আনকি দূৰৱৰ্তী অঞ্চলকো সামৰি লয়। আপোনাৰ মোবাইল ডিভাইচটো অহৰহ ওচৰৰ চেল টাৱাৰৰ সৈতে সংযোজিত হৈ থাকে। আপোনাৰ ফোনটোৰ পৰা এই সংযোগৰ জৰিয়তে প্ৰেৰিত সংকেতসমূহ অন্য টাৱাৰসমূহলৈ আৰু শেষত গন্তব্য়স্থানলৈ ৰিলে কৰে।

সংকেত সংবহনঃ আপোনাৰ ডিভাইচৰ পৰা বিশ্বলৈ
আপুনি যেতিয়া এটা কল কৰে বা এটা মেছেজ পঠায়, আপোনাৰ ডিভাইচে ভইচ বা বাৰ্তাক ডাটা পেকেটলৈ ৰূপান্তৰ কৰে। এই পেকেটবোৰ ৰেডিঅ’ তৰংগৰ জৰিয়তে ওচৰৰ চেল টাৱাৰলৈ যায়। তাৰ পিছত টাৱাৰে তথ্যসমূহ এটা মোবাইল চুইচিং চেণ্টাৰ (MSC) লৈ প্ৰেৰণ কৰে। ইয়াৰ পৰাই ইয়াক নিৰ্দিষ্ট গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হয়। প্ৰায় ছেকেণ্ডৰ ভিতৰতে সম্পূৰ্ণ হয় সমগ্ৰ প্ৰক্ৰিয়াটো। ইয়াৰ ফলতেই আমিবোৰ অনায়াসে এজনে আনজনক  যোগাযোগ কৰিবলৈ সক্ষম হৈছো।

ডাটা ডিলাইটঃ ইণ্টাৰনেট চাৰ্ফিং
আপোনাৰ ফোনত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ এটা অতিৰিক্ত (step)পদক্ষেপ জড়িত হৈ থাকে। আপোনাৰ ডিভাইচৰ পৰা ডাটা পেকেটসমূহ এটা বেচ ষ্টেচনলৈ পঠোৱা হয়। ইয়াৰ পৰা এইবোৰক এটা বেচ ষ্টেচন নিয়ন্ত্ৰক (Base Station Controller চমুকৈ বিএছচি) লৈ প্ৰেৰণ কৰা হয়। তাৰ পিছত বিএছচি (BSC) এ তথ্যসমূহ এটা গেটৱে মোবাইল চুইচিং চেণ্টাৰ (GMSC) লৈ ফৰৱাৰ্ড কৰে, যিয়ে আপোনাৰ অনুৰোধক ইণ্টাৰনেটৰ সৈতে সংযোগ কৰে। জিএমএছচিয়ে আপুনি বিচৰা ৱেব পৃষ্ঠা বা বিষয়বস্তু আনে আৰু ইয়াক নে'টৱৰ্কৰ যোগেদি ঘূৰাই পঠায় আৰু আপোনাক ডিভাইচত ৱেব ব্ৰাউজ কৰিবলে সামৰ্থবান কৰে।

হেণ্ডঅফ আৰু ৰোমিংঃ চলাচলৰ সময়ত সংযুক্ত হৈ থকা
আমি ফোনত কথা পাতি এঠাইৰ পৰা আন ঠাইলৈ গৈ থাকিলেও ফোনকলটো ড্ৰপ নহয়। এই কথাটো আপুনি নিশ্চয় কেতিয়াবা লক্ষ্য় কৰিছে। এয়া সম্ভৱ হৈছে হেণ্ডঅফৰ বাবেই। যেতিয়া আপুনি এখন চলন্ত বাহনত থাকে, আপোনাৰ ডিভাইচে এটা শক্তিশালী সংযোগ বজাই ৰাখিবলৈ এটা চেল টাৱাৰৰ পৰা আন এটালৈ সংযোজন সলনি কৰে। এই নিৰৱচ্ছিন্ন পৰিৱৰ্তনে বাধাহীন যোগাযোগ নিশ্চিত কৰে। আনকি আপুনি বিভিন্ন চেলৰ মাজত ঘূৰি ফুৰাৰ সময়তো এই কাৰিকৰীয়ে সংযোগ বিচ্ছিন্ন হ'বলৈ নিদিয়ে। 

সুৰক্ষা ব্যৱস্থাসমূহঃ আপোনাৰ তথ্য সুৰক্ষিত ৰখা
মোবাইল নেটৱৰ্কে আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈ বিভিন্ন সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰে। এনক্ৰিপচনে আপোনাৰ তথ্যক ক'ডলৈ স্ক্ৰেমবল (Scramble) কৰে। এই প্ৰক্ৰিয়াই তথ্যক এনে এটা বিন্যাসলৈ ৰূপান্তৰ কৰে যাৰ পাছত সমগ্ৰ তথ্যখিনি এক আগ-গুৰি নোহোৱা বা যাদৃচ্ছিক আখৰ হিচাপে দেখা দিয়ে। অর্থাৎ আন কোনো অকৰ্তৃত্বশীল ব্যক্তিৰ বাবে ইয়াক পঢ়িব নোৱাৰা কৰি তোলে। অকৰ্তৃত্বশীল ব্যৱহাৰ প্ৰতিৰোধ কৰিবৰ বাবে অথৰাইজেছন প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল অনুমোদিত ডিভাইচসমূহে নে'টৱৰ্ক অভিগম কৰাৰ অনুমতি প্ৰদান কৰা হয়। মোবাইলৰ ছিম কাৰ্ড এই প্ৰক্ৰিয়াৰ এক অংশ। এই ছিমৰ দ্বাৰাই নেটৱৰ্কত সোমাবলৈ আপোনাৰ ডিভাইছটোৱে অনুমতি লাভ কৰে।

ভৱিষ্যতঃ পঞ্চম প্ৰজন্ম (5G) আৰু ইয়াৰ আগলৈ
মোবাইল নেটৱৰ্কৰ বিৱৰ্তন এক চলিত যাত্ৰা। ফাইভ জি (5G) প্ৰযুক্তিৰ প্ৰৱৰ্তনে দ্ৰুত গতি (faster speeds), কম বিলম্ব (lower latency) আৰু একেলগে অধিক ডিভাইচ সংযোগ কৰাৰ ক্ষমতা আনি দিছে। ইয়াৰ ফলত স্বয়ংক্ৰিয় গাড়ী, দূৰৱৰ্তী অস্ত্ৰোপচাৰ আৰু সংবৰ্ধিত বাস্তৱতা (augmented reality) আদিকে ধৰি অনান্য় ডাটা সম্পৰ্কীয় সেৱাসমূহৰ আৰু অধিক উন্নত অভিজ্ঞতাৰ পথ আমাৰ বাবে প্ৰশস্ত হৈ উঠিছে।

সামৰণিত
আমাক নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি ৰখা মোবাইল নেটৱৰ্ক হৈছে প্ৰযুক্তিৰ এক চিম্ফনী। চেল টাৱাৰৰ পৰা আৰম্ভ কৰি জটিল ডাটা ৰাউটিঙলৈকে নেটৱৰ্কৰ প্ৰতিটো অংশই যোগাযোগ আৰু তথ্যৰ প্ৰৱেশ সক্ষম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ক্ৰমাগতভাৱে অব্য়াহত থকা প্ৰযুক্তিৰ উন্নতি পৰিপ্ৰেক্ষিতত আমি মোবাইল নেটৱৰ্কৰ পৰা আৰু অধিক আকৰ্ষণীয় সেৱা লাভ কৰিবলৈ সক্ষম হ’ম বুলি ক’ব পাৰি। আমাৰ আশা এই উন্নয়নে আমাৰ জীৱনক সমৃদ্ধ কৰিব আৰু বিশ্বৰ সৈতে আমাৰ যোগাযোগৰ ধৰণক ৰূপান্তৰিত কৰি অন্য় এক মাত্ৰ প্ৰদান কৰিব।