২০২৩ চনৰ জুন মাহৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলেৰাডোত এখন বিয়া সম্পন্ন কৰিলে চাটজিপিটি (ChatGPT)য়ে। ৰিচ উইঞ্চ (২৩) আৰু ডেটন ট্ৰোইট (২৬)ৰ এই বিয়াত পুৰোহিতৰ কাৰ্য সম্পন্ন কৰে এই চাটবটোৱে। মুকলি কৰা দিনাৰে পৰা বিশ্বজুৰি চাঞ্চল্যকৰ জনপ্ৰিয়তা অৰ্জন কৰিছে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI)ৰ চাটবটোৱে। এনে সময়তে অহা আন এটা খবৰ মতে, জাপানৰ কিয়’ট’ত অৱস্থিত ৪০০ বছৰ পুৰণি কোডাইজি মন্দিৰে বৌদ্ধধৰ্মৰ শিক্ষা প্ৰচাৰৰ বাবে প্ৰথমবাৰৰ বাবে এআই মংক স্থাপনৰ বাবে সাজু হৈছে। আজিৰ প্ৰযুক্তি উন্নয়ন সোণালী যুগত কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন উদ্যোগত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আমাৰ কাম-কাজ আৰু জীৱন-যাপনৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। স্বয়ংক্ৰিয় বাহনৰ পৰা আৰম্ভ কৰি চিকিৎসা নিদানলৈকে এআইয়ে নিজৰ সক্ষমতাৰ প্ৰমাণ দিছে।
ভৱা হৈছিল এনে কিছুমান বিশেষ কাম আছে, যিবোৰ বিশেষ জ্ঞান আৰু অভিজ্ঞতাসম্পন্ন মানৱ বিশেষজ্ঞয়েহে সম্পাদন কৰিব পাৰে। কিয়নো এইসমূহ কামত বুদ্ধিমত্তা, অভিজ্ঞতাৰ লগতে প্ৰয়োজন হয় প্ৰচুৰ বিশ্বাসযোগ্যতাৰ লগতে পৰম্পৰাৰ ওপৰত বিচক্ষণ বিদগ্ধতা আৰু মানৱীয় দৃঢ়তাৰ। যেনে এজন পুৰোহিতৰ কাম অথবা এজন ধৰ্মপ্ৰচাৰকৰ কাৰ্যৱলী। কিন্তু ওপৰত উল্লেখ কৰা খবৰ দুটাই এই ধাৰণা সম্পূৰ্ণ নস্যাৎ কৰিছে।
প্ৰযুক্তি আৰু পৰম্পৰাৰ হৃদয়স্পৰ্শী সংমিশ্ৰণৰে চাট-জিটিপিয়ে এজন পুৰোহিতৰ ভূমিকা গ্ৰহণ কৰা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে। এই পৰিঘটনাই অদূৰ ভৱিষ্যতে এআইয়ে আমালৈ আগবঢ়াব পৰা জটিল সম্ভাৱনাসমূহৰ দ্বাৰ উন্মোচন কৰিছে। তথাপি, এই অনন্য পৰিঘটনাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰিছে– এনে কোনবোৰ কাম আছে, যিবোৰ এআইয়ে কেতিয়াও মানুহৰ পৰা কাঢ়ি নিব নোৱাৰিব? তলত তাৰেই কেইটামান সাম্ভাৱ্য উদাহৰণ আলোচনা কৰা হৈছে।
আৱেগিক বুদ্ধিমত্তা
আৱেগিক বুদ্ধিমত্তা আৰু সহানুভূতিৰ দাবী কৰা চাকৰিবোৰ বিশেষভাৱে এআইৰ বেদখলৰ পৰা মুক্ত। থেৰাপিষ্ট, পৰামৰ্শদাতা আৰু সমাজকৰ্মীৰ দৰে বৃত্তিৰ বাবে জটিল আৱেগক বুজিব পৰা আৰু নেভিগেট কৰাৰ মানৱীয় ক্ষমতাৰ প্ৰয়োজন হয়। এনে ধৰণৰ প্ৰফেচনেলৰ পৰা সেৱা গ্ৰহণ কৰা সময়ত কোনো ব্যক্তিয়ে লাভ কৰা প্ৰকৃত মানৱীয় সংযোগ আৰু কমফৰ্ট কেতিয়াও এআইয়ে প্ৰতিলিপি কৰিব নোৱাৰে।
সৃষ্টিশীল সাধনা
সৃষ্টিশীল বিষয়বস্তু সৃষ্টি কৰাত এআইৰ দক্ষতা উল্লেখযোগ্য। তথাপি ইয়াত সৃষ্টিশীলতাৰ অন্তৰ্নিহিত মানৱীয় স্ফুলিংগৰ অভাৱ। লেখক, কবি, শিল্পী আৰু সুৰকাৰৰ দৰে কলাত্মক প্ৰকাশভংগীৰ ওপৰত কেন্দ্ৰিত চাকৰিসমূহে মৌলিকতা আৰু প্ৰচুৰ কল্পনাশক্তি দাবী কৰে। সামৰ্থ্যৱান হোৱাৰ পাছতো এইসমূহ গুণ আয়ত্ব কৰি প্ৰামাণিকভাৱে অনুকৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে এআইয়ে।
জটিল সিদ্ধান্ত গ্ৰহণ
নৈতিকভাৱে অস্পষ্ট বা অভাৱনীয় পৰিস্থিতিত জটিল সিদ্ধান্ত গ্ৰহণৰ সৈতে জড়িত কামসমূহ মানুহৰ হাততহে অধিক সুস্থিৰ আৰু দৃঢ়। নৈতিক বিবেচনা, প্ৰসংগভিত্তিক বুজাবুজি আৰু অন্তৰ্দৃষ্টি হ’ল এনে কিছুমান দিশ যিয়ে বিচাৰক, ৰাজনৈতিক নেতা, সংকটৰ প্ৰশমন মধ্যস্থতাকাৰী আদি কিছুমান বৃত্তিক অনন্যভাৱে মানৱীয় কৰি তোলে।
ব্যক্তিগত গ্ৰাহকৰ অভিজ্ঞতা
ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়া-কলাপ সৰ্বস্ব ক্ষেত্ৰসমূহত মানুহৰ স্পৰ্শ অবিচ্ছেদ্যভাৱে প্ৰয়োজনীয়। গ্ৰাহক সেৱা প্ৰতিনিধি, আতিথ্য কৰ্মচাৰী আৰু বজাৰ কৰা লোকসকলে ব্যক্তিগত পছন্দসমূহ পূৰণ কৰিবলৈ আৰু প্ৰকৃত সংযোগ গঢ়ি তুলিবলৈ সহজাত মানৱ প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰসমূহত এআই-য়ে ভুমুকি মাৰিছে যদিও মানৱ প্ৰবৃত্তিৰ অভাৱত এক নিৰ্দিষ্ট বেষ্টনীৰ ভিতৰতে সীমাবদ্ধ থাকিবলগীয়া হৈছে।
উদ্ভাৱন আৰু গৱেষণা
এআইয়ে তথ্য বিশ্লেষণ আৰু আৰ্হি চিনাক্তকৰণত সহায় কৰিব পাৰে যদিও যুগান্তকাৰী উদ্ভাৱন আৰু বৈজ্ঞানিক আৱিষ্কাৰসমূহ প্ৰায়ে মানুহৰ কৌতুহল আৰু আপাত দৃষ্টিত অসংলগ্ন বিন্দুবোৰ সংযোগ কৰাৰ ক্ষমতাৰ পৰাই উদ্ভৱ হয়। গৱেষক, উদ্ভাৱক আৰু বিজ্ঞানীসকলৰ হাতত এক অতুলনীয় ড্ৰাইভ আছে যিটো এআইৰ ক্ষেত্ৰখনৰ ভিতৰত নাই।
সামৰণিত ক’ব পাৰি যে এআইয়ে কৰ্মৰ পৰিৱেশক নতুন ৰূপ দি থাকিলেও কিছুমান বিশেষ কাম আছে যিবোৰ আমাৰ মানৱতাক সংজ্ঞায়িত কৰা গুণৰ ওপৰত নিৰ্ভৰশীল, যেনে– সহানুভূতি, সৃষ্টিশীলতা, অন্তৰ্দৃষ্টি, কল্পনাশক্তি আৰু আৱেগিক গভীৰতা। এই ভূমিকাসমূহে কেৱল কাম নিষ্পাদনক অতিক্ৰম নকৰে, ইয়াত জড়িত হৈ থাকে জটিল মানৱ অভিজ্ঞতা। যিবোৰ প্ৰচুৰ জ্ঞান আৰু অভাৱনীয় প্ৰখৰতাকে ধৰি সংপৃক্ত আন সকলো শক্তিৰ জৰিয়তেও কৃত্ৰিম বুদ্ধিমত্তাই প্ৰতিলিপি কৰিব নোৱাৰে। চাটজিপিটিয়ে বিয়াত পুৰোহিতৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ কাহিনী মানুহ আৰু এআইৰ মাজত বিকশিত অংশীদাৰিত্বৰে এক প্ৰমাণহে মাথো। এটা কথা ঠিক, প্ৰযুক্তিয়ে মানুহৰ সহায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। যদিও আমাক যিয়ে মানুহ কৰি তুলিছে তাৰ সাৰমৰ্ম অপৰিহাৰ্য হৈয়েই ৰ’ব চিৰকাল।