AIয়ে সকলো চাকৰি লৈ যাব নেকি? AI কৰিব নোৱাৰা ৫টা মানৱীয় দক্ষতা (2026)

কৃত্ৰিম বুদ্ধিমত্তাই খাব নোৱাৰা ৫টা বৃত্তি | 5 Profession that cannot be take away by AI
Spread the love

📌 এই লেখাৰ পৰা আপুনি জানিব পাৰিব:

  • AI আৰু মানুহৰ মাজৰ পাৰ্থক্য
  • AIয়ে কাঢ়ি নিব নোৱাৰা ৫টা দক্ষতা আৰু
  • ভৱিষ্যতৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হ’ব?

AIয়ে সকলো চাকৰি লৈ যাব নেকি? বাস্তৱ সত্য কি?  

আজিৰ তাৰিখত গুৱাহাটীৰ পল্টনবজাৰৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ কৰ্পৰেট অফিচলৈকে সকলোৰে মুখত প্ৰায় এটাই প্ৰশ্ন— এআই বা কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence) আমাৰ চাকৰিবোৰ খাই পেলাব নেকি? যেতিয়া আমি দেখোঁ যে এটা কম্পিউটাৰ প্ৰগ্ৰেমে চেকেণ্ডৰ ভিতৰতে এটা সুন্দৰ প্ৰবন্ধ লিখি উলিয়াইছে, আমাৰ প্ৰয়োজনীয় তথ্যবোৰ মুহূৰ্ততে বিচাৰি দিছে, নিমিষতে গীত ৰচনা কৰিছে বা আমাৰ বেংকৰ জটিল হিচাপ-নিকাচবোৰ নিৰ্ভুলভাৱে কৰি পেলাইছে, তেতিয়া বুকুৰ কঁপনি উঠাটো একেবাৰে স্বাভাৱিক। বহুতেই ভাবিবলৈ বাধ্য হৈছে যে হয়তো অহা দহ বছৰত আমাৰ বেছিভাগৰে হাতত কোনো চাকৰি বা কাম নাথাকিব। “তেন্তে AIয়ে সকলো চাকৰি লৈ যাব নেকি — এই প্ৰশ্নটো এতিয়া সকলোৰে মনত উঠিছে।” 

কিন্তু সঁচাকৈয়ে তেনে হ’ব নেকি?

এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ যাওঁতে বিগত ২০২৩ চনৰে জুন মাহৰ এটা আচৰিত ঘটনাৰ কথা মনলৈ আহিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলেৰাডোত ৰিচ উইঞ্চ (২৩) আৰু ডেটন ট্ৰোইট (২৬) নামৰ এহাল যুৱক-যুৱতীয়ে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু আশ্চৰ্ষজনক কথাটো আছিল যে তেওঁলোকৰ বিয়াত পুৰোহিতৰ কাৰ্য সম্পন্ন কৰিছিল চাটজিপিটি (ChatGPT) নামৰ এআই (AI) চাটবটটোৱে। আনহাতে, জাপানৰ কিয়’ট’ত থকা ৪০০ বছৰ পুৰণি কোডাইজি মন্দিৰত বৌদ্ধধৰ্মৰ শিক্ষা প্ৰচাৰৰ বাবে ‘এআই মংক’ (AI Monk) বা কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন যান্ত্ৰিক সন্ন্যাসী স্থাপন কৰা হৈছে।

এই কথাবোৰ শুনিলে এনে লাগে যেন ধৰ্মীয় আচাৰ-অনুষ্ঠানকে ধৰি যিবোৰ কামত কেৱল মানুহৰ আৱেগ, বিশ্বাস আৰু আধ্যাত্মিকতাৰ প্ৰয়োজন বুলি ভবা হৈছিল, সেইবোৰতো এতিয়া যন্ত্ৰৰ প্ৰৱেশ ঘটিছে। স্বয়ংক্ৰিয় গাড়ী চলোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসালয়ত বেমাৰ ধৰা পেলোৱালৈকে এআইয়ে নিজৰ সক্ষমতাৰ প্ৰমাণ দিছে।

তথাপিও, এজন প্ৰযুক্তিৰ ছাত্ৰ আৰু লেখক হিচাপে মই আপোনালোকক এটা কথা দৃঢ়তাৰে ক’ব পাৰোঁ— যন্ত্ৰ যিমানেই শক্তিশালী নহওক কিয়, মানুহৰ বুকুৰ উম আৰু আৱেগ যন্ত্ৰই কেতিয়াও দিব নোৱাৰে। প্ৰযুক্তি আৰু পৰম্পৰাৰ হৃদয়স্পৰ্শী সংমিশ্ৰণৰে চাট-জিপিটিয়ে এজন পুৰোহিতৰ ভূমিকা গ্ৰহণ কৰা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে সঁচা, কিন্তু ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰিছে– এনে কোনবোৰ কাম আছে, যিবোৰ এআইয়ে কেতিয়াও মানুহৰ পৰা কাঢ়ি নিব নোৱাৰিব? জানো আহক।

মানুহ বনাম এআই (AI): কাৰ শক্তি কিমান?

প্ৰথমে আমি বুজি ল’ব লাগিব যে যন্ত্ৰ আৰু মানুহৰ মাজত মূল পাৰ্থক্যটো। এআই (AI)নো প্ৰকৃততে কি সেই কথাবোৰ? কৃত্ৰিম বুদ্ধিমত্তা বা চমুকৈ এআই প্ৰকৃতাৰ্থত হ’ল কিছুমান জটিল এলগৰিথম বা (Algorithm) আৰু বিশাল তথ্য বা ডাটাৰ (Data) সমষ্টি। এলগৰিথমৰ অসমীয়া হ’ল কলনবিধি। চমুকৈ কলনবিধি হ’ল পৰ্য্যায়ক্ৰমে কোনো এটা সমস্যা সমাধান কৰাৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াত ব্যৱহৃত নিয়মাৱলী।

বৈশিষ্ট্য

কৃত্ৰিম বুদ্ধিমত্তা (AI)

মানুহ (Human)

প্ৰাথমিক শক্তি

দ্ৰুত তথ্য বিশ্লেষণ, ক্লান্তিহীনতা, বিশাল ডাটা মনত ৰখাৰ ক্ষমতা আৰু ক্ষীপ্ৰতা।

আৱেগ, সহানুভূতি, প্ৰকৃত সৃষ্টিশীলতা আৰু উপস্থিত বুদ্ধি।

সিদ্ধান্ত গ্ৰহণ

কেৱল আগতে দিয়া তথ্য (ডাটা) আৰু কলনবিধি (এলগৰিদম)ৰ ওপৰত নিৰ্ভৰশীল। নতুন পৰিস্থিতিত বিভ্ৰান্ত হয়।

নৈতিকতা, পৰিস্থিতি আৰু মানৱীয় মূল্যবোধৰ ওপৰত নিৰ্ভৰশীল।

আৱেগিক সংযোগ

শূন্য। এটা যন্ত্ৰই আপোনাৰ দুখ বুজি নাপায়, মাথোঁ বুজাৰ ভাও জুৰিব পাৰে।

গভীৰ। এজনে আনজনৰ চকুলৈ চাই মনৰ কথা, বিষাদ বা আনন্দ বুজিব পাৰে।

ভুলৰ পৰা শিক্ষা

মেচিন লাৰ্নিং (Machine Learning) জৰিয়তে শিকে, কিন্তু ডাটা ভুল হ’লে ফলাফল ভয়ংকৰ হ’ব পাৰে।

নিজৰ বাস্তৱ অভিজ্ঞতা আৰু আৱেগিক বুজাবুজিৰ পৰা শিকি ভুল শুধৰায়।

এই পাৰ্থক্যবোৰৰ পৰাই স্পষ্ট হৈ পৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) কেতিয়াও মানুহৰ পৰিপূৰক হ’ব নোৱাৰে। ই কেৱল আমাৰ এক উন্নত সহায়কহে হ’ব পাৰে। যি কামত আৱেগ, মৰম আৰু মানৱীয় স্পৰ্শৰ প্ৰয়োজন, তাত মানুহৰ বিকল্প কেৱল মানুহেই।

৫ টা গুৰুত্বপূৰ্ণ দক্ষতা যিবোৰ AI-য়ে কেতিয়াও নকল কৰিব নোৱাৰে

আমি ভৱিষ্যতৰ কৰ্মক্ষেত্ৰৰ বাবে নিজকে সাজু কৰিবলৈ হ’লে যন্ত্ৰৰ লগত প্ৰতিযোগিতা কৰাৰ পৰিৱৰ্তে, আমাৰ যিবোৰ নিজস্ব মানৱীয় গুণ আছে তাৰ ওপৰতহে গুৰুত্ব দিব লাগিব। তলত তেনে ৫টা মূল দক্ষতাৰ বিষয়ে আলোচনা কৰা হ’লঃ

১। আৱেগিক বুদ্ধিমত্তা আৰু সহানুভূতি (Emotional Intelligence & Empathy)

মানুহৰ স্পৰ্শ আৰু সান্ত্বনা শক্তি কোনো এআই বা কম্পিউটাৰে দিব নোৱাৰে
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰোগীৰ সেৱাত বৰ্তী চিকিৎসাসেৱা কৰ্মী

মানুহৰ আটাইতকৈ ডাঙৰ শক্তিটোৱেই হ’ল আনৰ দুখ-কষ্ট বুজি পোৱাৰ দক্ষতা আৰু ক্ষমতা। থেৰাপিষ্ট, পৰামৰ্শদাতা (Counselor), নাৰ্ছ, শিক্ষক আৰু সমাজকৰ্মীৰ দৰে বৃত্তিবোৰ কেতিয়াও কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ হাতলৈ নাযায়। ধৰি লওক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) এজন ৰোগীয়ে অতিশয় যন্ত্ৰণাত ভুগি আছে। এটা ৰবটে বা মেচিনে আহি তেওঁক নিৰ্ভুলভাৱে সঠিক ঔষধটো দিব পাৰিব, তেওঁৰ হাৰ্টবিট বা প্ৰেচাৰ জুখিব পাৰিব, কিন্তু এগৰাকী নাৰ্ছে বা ডাক্তৰে যেতিয়া ৰোগীজনৰ মূৰত হাত থৈ মৰমেৰে কয়, “একো নহয়, আপুনি সোনকালেই ভাল হৈ উঠিব,” সেই স্পৰ্শ আৰু সান্ত্বনা কোনো কম্পিউটাৰে দিব নোৱাৰে।

ঠিক তেনেদৰে, এজন শিক্ষকে শ্ৰেণীকোঠাত কেৱল কিতাপৰ পাঠেই নপঢ়ায়। তেওঁ ছাত্ৰ-ছাত্ৰীৰ মনৰ অৱস্থাটোও বুজি পায়। কোনোবা এজন মেধাৱী ছাত্ৰই পঢ়াত হঠাতে অমনোযোগী হৈ পৰিলে, তাৰ আঁৰৰ ঘৰুৱা বা মানসিক কাৰণটো এজন মানৱ শিক্ষকেহে অনুভৱ কৰিব পাৰে। এই বৃত্তিসমূহৰ বাবে জটিল আৱেগক বুজিব পৰা আৰু নেভিগেট কৰাৰ মানৱীয় ক্ষমতাৰ প্ৰয়োজন হয়।

  • প্ৰায়োগিক ধাৰণা (Practical Insight): আপুনি যি কামেই নকৰক কিয়, মানুহৰ সৈতে কথা পতাৰ শৈলী, কোনো এটা সমস্যা শুনাৰ ধৈৰ্য্য আৰু সহানুভূতিশীল মনোভাৱ গঢ়ি তোলক। কৰ্পৰেট জগততো আজিকালি আৱেগাংক বা চমুকৈ ‘EQ’ (Emotional Quotient)-ক প্ৰযুক্তিগত জ্ঞানতকৈ বেছি গুৰুত্ব দিয়া হয়।

২। প্ৰকৃত সৃষ্টিশীলতা আৰু কলাত্মক মন (True Human Creativity)

সৃষ্টিশীল বিষয়বস্তু নিৰ্মাণ কৰাত এআইৰ দক্ষতা উল্লেখযোগ্য। মই নিজে যেতিয়া মোৰ ইউটিউব চেনেল “The AI Briefing Room”-ৰ বাবে এআইৰ সহায়ত ভিডিঅ’ বা ল’গ’ বনাওঁ, বা কোনো নিৰ্দিষ্ট চৰিত্ৰৰ কমিকচ সৃষ্টি কৰোঁ, তেতিয়া ইয়াৰ ক্ষীপ্ৰতা দেখি সঁচাকৈয়ে আচৰিত হওঁ। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল, সেই চেনেলটোৰ ধাৰণাটো, কি বিষয়ত ভিডিঅ’ বনাম, কাহিনীটো কেনেকৈ সজাম— সেই সমগ্ৰ ধাৰণাটো মোৰ মগজুৰ পৰাহে ওলায়।

লেখক, কবি, শিল্পী আৰু সুৰকাৰৰ দৰে কলাত্মক প্ৰকাশভংগীৰ ওপৰত কেন্দ্ৰীত চাকৰিসমূহে মৌলিকতা আৰু প্ৰচুৰ কল্পনাশক্তি দাবী কৰে। জীৱনৰ কোনোবা এটা সময়ত মই নিজেও কবিতা, গল্প আৰু নাটক আদি লিখিছিলোঁ। কেতিয়াবা ‘ৰাইটাৰছ্ ব্লক’ৰ (Writer’s block) দৰে মানসিক অৱস্থায়ো আমনি কৰে। এই যি সৃষ্টিৰ যতনা আৰু আনন্দ, সেয়া এক একান্ত মানৱীয় প্ৰক্ৰিয়া। এটা অসমীয়া কবিতাত গ্ৰাম্য জীৱনৰ যি সুবাস, আৱেগ আৰু মাটিৰ গোন্ধ 

human_creativity_vs_ai, a girl artist creating artform in a canvas

থাকে, সেয়া কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াও বুজি নাপায়। Large Language Model (LLM) সমূহে কেৱল আগৰ শব্দটোৰ পাছত কি শব্দ বহিলে বাক্যটো শুৱলা হ’ব তাৰ গাণিতিক সম্ভাৱনাহে নিৰ্ণয় কৰে। ইহঁতে কবিতাটো ‘অনুভৱ’ নকৰে বা জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ পৰা তাক সৃষ্টি নকৰে।

  • প্ৰায়োগিক ধাৰণা (Practical Insight): নিজৰ সৃষ্টিশীলতাক বিকশিত কৰক। মেচিনে কৰিব পৰা গতানুগতিক কামবোৰৰ পৰিৱৰ্তে নিজৰ কামত মৌলিকতা (Originality) আৰু নিজৰ বাস্তৱ অভিজ্ঞতা সংযোগ কৰিবলৈ চেষ্টা কৰক। কৃত্ৰিম বুদ্ধিমত্তা (এআই)ক কেৱল এডাল তুলিকা হিচাপেহে ব্যৱহাৰ কৰক, প্ৰকৃত চিত্ৰকৰজন আপুনিয়েই হৈ থাকক।

৩। জটিল সিদ্ধান্ত গ্ৰহণ আৰু নৈতিকতা (Complex Decision Making)

মানুহৰ জীৱন সদায় ক’লা আৰু বগা নহয়, ইয়াৰ মাজত বহুতো ধূসৰ অংশ থাকে। বহুতো পৰিস্থিতিত নিয়ম আৰু আইনৰ বাহিৰলৈ গৈ আৱেগ আৰু নৈতিকতাৰ ভিত্তিত সিদ্ধান্ত ল’বলগীয়া হয়। মেচিনে কেৱল ‘০’ আৰু ‘১’ বুজি পায়, কিন্তু মানুহে পৰিস্থিতি বুজি পায়।

উদাহৰণস্বৰূপে, বাৰিষাৰ সময়ত যেতিয়া ধেমাজি বা মাজুলীত ভয়ংকৰ বানপানী হয় আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায়, তেতিয়া কোনে আগতে সহায় পাব লাগে, কাৰ অৱস্থা বেছি বেয়া, এটা সৰু শিশু নে এগৰাকী বৃদ্ধাক প্ৰথমে নাৱত তুলিব লাগে— সেইটোকৃত্ৰিম বুদ্ধিমত্তা বনাম জটিল সিদ্ধান্ত গ্ৰহণ আৰু নৈতিকতা, AI vs Complex Decision Making কোনো কম্পিউটাৰ এলগৰিদমে নিৰ্ণয় কৰিব নোৱাৰে। এই সংকটৰ সময়ত মানুহৰ উপস্থিত বুদ্ধি আৰু মানৱীয়তাইহে কাম কৰে। নৈতিক বিবেচনা, প্ৰসংগভিত্তিক বুজাবুজি আৰু অন্তৰ্দৃষ্টি হ’ল এনে কিছুমান দিশ যিয়ে বিচাৰক, ৰাজনৈতিক নেতা বা সংকট প্ৰশমনৰ মধ্যস্থতাকাৰী (Crisis Negotiator) আদি বৃত্তিক অনন্যভাৱে মানৱীয় কৰি তোলে।

  • প্ৰায়োগিক ধাৰণা (Practical Insight): সমস্যা সমাধানৰ দক্ষতা (Problem-solving skills) বৃদ্ধি কৰক। কিতাপৰ জ্ঞানৰ লগতে বাস্তৱ জগতৰ পৰিস্থিতি চম্ভালাৰ অভিজ্ঞতা আহৰণ কৰক, যাতে জৰুৰীকালীন অৱস্থাত ক্ষীপ্ৰতাৰে সঠিক আৰু মানৱীয় সিদ্ধান্ত ল’ব পাৰে।

৪। ব্যক্তিগত গ্ৰাহকৰ অভিজ্ঞতা আৰু পৰিকল্পনা (Personalized Experience)

ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়া-কলাপ সৰ্বস্ব ক্ষেত্ৰসমূহত মানুহৰ স্পৰ্শ অবিচ্ছেদ্যভাৱে প্ৰয়োজনীয়। আমি যিকোনো সেৱা গ্ৰহণ কৰিলে তাত এটা ব্যক্তিগত স্পৰ্শ বিচাৰোঁ।

ধৰি লওক, ডিচেম্বৰ মাহৰ বন্ধত আপুনি আপোনাৰ পৰিয়ালৰ সৈতে, পত্নী আৰু ৫ বছৰীয়া কন্যাক লৈ ৭ দিনীয়া ঘৰুৱা ভ্ৰমণৰ (Domestic Tour) পৰিকল্পনা কৰিছে। আপোনাৰ বাজেট ধৰক ৭০ হাজাৰ টকাৰ ভিতৰত। এটা এআই বা চাটবটে আপোনাক ইণ্টাৰনেটৰ পৰা বিচাৰি এখন ধুনীয়া তালিকা বনাই দিব পাৰে। কিন্তু যাত্ৰাৰ সময়ত ৫ বছৰীয়া শিশুটিৰ কি অসুবিধা হ’ব পাৰে, কোনখন ঠাইৰ পৰিৱেশ তাইৰ বাবে বেছি নিৰাপদ আৰু আৰামদায়ক হ’ব অথবা যাত্ৰাৰ মাজত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিলে কেনেদৰে পৰিস্থিতি চগ্ৰাহক সেৱা প্ৰতিনিধি, আতিথ্য কৰ্মচাৰীসকলে প্ৰকৃত সংযোগ গঢ়ি তুলিবলৈ সহজাত মানৱ প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এয়া কৃত্ৰিম বুদ্ধিমত্তাৰ পক্ষে সম্ভৱপৰ নহয়ম্ভালিব লাগিব— সেইয়া এগৰাকী অভিজ্ঞ ট্যুৰ অপাৰেটৰ বা গাইডৰ মানৱীয় বুদ্ধিমত্তাইহে বুজিব পাৰে। গ্ৰাহক সেৱা প্ৰতিনিধি, আতিথ্য কৰ্মচাৰীসকলে প্ৰকৃত সংযোগ গঢ়ি তুলিবলৈ সহজাত মানৱ প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এয়া কৃত্ৰিম বুদ্ধিমত্তাৰ পক্ষে সম্ভৱপৰ নহয়।

  • প্ৰায়োগিক ধাৰণা (Practical Insight): ব্যৱসায় বা চাকৰি যিয়েই নহওক, গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক (Networking) গঢ়ি তোলক। আপোনাৰ মানৱীয় ব্যৱহাৰ আৰু হাঁহিটোৱেই আপোনাৰ ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ মূলধন। মেচিনে কেৱল সেৱা বা ‘ছাৰ্ভিছ’ দিব পাৰে, কিন্তু মানুহেহে আতিথেয়তা বা ‘হস্পিটেলিটি’ (Hospitality) প্ৰদান কৰিব পাৰে।

৫। মানৱীয় উদ্ভাৱন আৰু গৱেষণা (Human Innovation & Research)

এআইয়ে বিশাল তথ্য বা ডাটা বিশ্লেষণ কৰি গৱেষণাত সহায় কৰিব পাৰে, কিন্তু একেবাৰে নতুন কিবা এটা উদ্ভাৱন কৰিব নোৱাৰে। কাৰণ উদ্ভাৱনীৰ জন্ম হয় মানুহৰ প্ৰয়োজনীয়তা আৰু কৌতুহ’লৰ পৰা।

অসমৰ গৌৰৱ, উদ্ভাৱক উদ্ধৱ ভৰালীৰ কথাই ভাবকচোন। তেওঁ গাঁৱৰ মানুহৰ সুবিধাৰ বাবে ডালিম গুটি গুচোৱা যন্ত্ৰৰ পৰা আৰম্ভ কৰি দিব্যাংগসকলৰ বাবে বিশেষ সঁজুলি তৈয়াৰ কৰিছে। সমাজৰ প্ৰকৃত সমস্যাবোৰ দেখি তেওঁৰ মনত যি প্ৰেউদ্ভাৱনীৰ জন্ম হয় মানুহৰ প্ৰয়োজনীয়তা আৰু কৌতুহ’লৰ পৰা, Human Innovation & Researchৰণা আৰু মানৱতাবোধ জাগিছিল, তাৰ পৰাই জন্ম হৈছিল এই উদ্ভাৱনীৰ। এই প্ৰেৰণা কৃত্ৰিম বুদ্ধিমত্তাৰ কলনবিধিত বা এলগৰিথমত নাথাকে। গৱেষক, উদ্ভাৱক আৰু বিজ্ঞানীসকলৰ হাতত এক অতুলনীয় ড্ৰাইভ (Drive) আছে যিটো এআইৰ ক্ষেত্ৰখনৰ ভিতৰত নাই। এটা আপেল সৰি পৰা দেখি নিউটনৰ মনত যি প্ৰশ্ন জাগিছিল, সেয়া যন্ত্ৰৰ মনত কেতিয়াও নাজাগে। প্ৰকৃততে যন্ত্ৰৰ মন বুলি কোনো কথাই নাথাকে।

  • প্ৰায়োগিক ধাৰণা (Practical Insight): সদায় প্ৰশ্ন কৰিবলৈ শিকক আৰু নিজৰ চৌপাশৰ পৰিৱেশ পৰ্যবেক্ষণ কৰক। যন্ত্ৰই কেৱল আপুনি সোধা প্ৰশ্নৰ উত্তৰহে দিব পাৰে, কিন্তু “প্ৰশ্নটো কি হ’ব লাগে” সেয়া কেৱল মানুহেহে ভাবিব পাৰে।

ভৱিষ্যতৰ বাবে আমি কেনেকৈ প্ৰস্তুত হ’ম?

assam_is_preparing_future_in_ai_ageassam_is_preparing_future_in_ai_age কৃত্ৰিম বুদ্ধিমত্তাৰ এই দ্ৰুত উত্থানৰ সময়ত আমি ভয় খোৱাতকৈ ইয়াক নিজৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। কম্পিউটাৰ অহাৰ সময়তো মানুহে ভাবিছিল যে সকলোৰে চাকৰি যাব। কিন্তু আচলতে কম্পিউটাৰে হেজাৰটা নতুন চাকৰিৰ সৃষ্টিহে কৰিলে। ঠিক একেদৰে, এইআয়ে হয়তো কিছুমান পুৰণি ধৰণৰ কাম যেনে ডাটা এণ্ট্ৰি, সাধাৰণ হিচাপ-নিকাচ আদি নাইকিয়া কৰিব, কিন্তু যিসকল মানুহে এআই ব্যৱহাৰ কৰিব বা চলাব জানিব, তেওঁলোকৰ চাহিদা বাঢ়িহে যাব।

অসমৰ যুৱপ্ৰজন্মই এতিয়া কেৱল ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ‘Soft Skills’ যেনে- যোগাযোগৰ দক্ষতা, দলীয় নেতৃত্ব (Leadership) আৰু নতুন বস্তু শিকাৰ মানসিকতা গঢ়ি তুলিব লাগিব। কৃত্ৰিম বুদ্ধিমত্তাক আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে নহয়, আপোনাৰ সহায়ক (Assistant) বুলি ভাবিবলৈ আৰম্ভ কৰক। আমি যিমানেই প্ৰযুক্তিৰ দিশত আগবাঢ়ি নাযাওঁ কিয়, আমাৰ মানৱীয় প্ৰমূল্যবোধসমূহ হেৰাই যাবলৈ দিলে নহ’ব।

সামৰণি: যন্ত্ৰৰ যুগত মানৱতাৰ জয়গান

সামৰণিত আমি এটা কথাই ক’ব পাৰোঁ যে এআইয়ে হয়তো আমাৰ কাম কৰাৰ ধৰণ সলনি কৰিব, কৰ্মৰ পৰিৱেশক নতুন ৰূপ দিব, কিন্তু ই আমাৰ পৰিচয় কেতিয়াও মচি পেলাব নোৱাৰে। আচলতে আমাক প্ৰকৃতাৰ্থত মানুহ কৰি তোলা সম্পদসমূহ, যেনে আমাৰ সহানুভূতি, সৃষ্টিশীলতা, অন্তৰ্দৃষ্টি, কল্পনাশক্তি আৰু আৱেগিক গভীৰতা— এইবোৰৰ ওপৰত নিৰ্ভৰশীল কামবোৰ সদায়েই মানুহৰ হাততেই থাকিব।

চাটজিপিটিয়ে বিয়াত পুৰোহিতৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব পাৰে, কিন্তু বিয়াৰ বেদীত বহা দৰা-কইনাৰ মনৰ স্পন্দন আৰু চকুলোৰ অৰ্থ কেতিয়াও বুজিব নোৱাৰে। এটা কথা ঠিক, প্ৰযুক্তিয়ে মানুহৰ সহায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। যদিও আমাক যিয়ে মানুহ কৰি তুলিছে তাৰ সাৰমৰ্ম অপৰিহাৰ্য হৈয়েই ৰ’ব চিৰকাল। প্ৰযুক্তিক আকোঁৱালি লওক, কিন্তু নিজৰ মানৱীয় স্পৰ্শ সদায় সজীৱ কৰি ৰাখক।

আপোনাৰ মতামত জনাওক!

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা নতুন কথা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক। আপোনাৰ এটা শ্বেয়াৰে অসমীয়া ভাষাত কাৰিকৰী সমল বৃদ্ধি কৰাত সহায় কৰিব।

ভৱিষ্যতৰ প্ৰযুক্তি, ইণ্টাৰনেট জগতৰ ন-ন খবৰ আৰু অসমীয়া ভাষাত ৱেব পৃথিৱীৰ আটাইতকৈ শেহতীয়া তথ্যসমূহ সহজ ভাষাত জানিবলৈ আজিয়েই ভিজিট কৰক আমাৰ ৱেবছাইট Axomiyat.com


Spread the love

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top