ট্ৰেফিক পূৰ্বাভাসৰ প্ৰয়োজনীয়তা
ব্যস্ত দিন এটাৰ পুৱা ঠিক ১০ বজাত আপুনি যদি ভঙাগড়ৰ পৰা দিছপুৰ যাবলগীয়া হয় তেন্তে ম’বাইল ফোনত গুগল মেপ খুলি চোৱাটো দৰকাৰী। কাৰণ গুগল মেপে কোনটো পথেৰে গ’লে কম সময়ৰ ভিতৰত দিছপুৰ গৈ পাব তাৰ নিৰ্দেশনা আপোনাক দিব। অথবা আপুনি গণেশগুৰিত ট্ৰেফিক জাম হৈ আছে নে ৰাস্তা খালী আছে সেয়াও গুগল মেপত চাই প্ৰায় সঠিক অনুমান কৰি লব পাৰে। কিন্তু গুগলে যানজঁটৰ এই পূৰ্বাভাস আমাক কেনেকৈ দিয়ে, তাকো বিনামূলীয়াকৈ। জানো আহক।
ভাৰ্চুৱেল ট্ৰেফিক জামৰ এক অভিনৱ পৰীক্ষা
জাৰ্মানীৰ শিল্পী ছাইমন ৱেকাৰ্টৰ সম্পৰীক্ষা
প্ৰথমে এটা উদাহৰণ দি লওঁ। ২০২০ চনৰে ১ ফেব্ৰুৱাৰীৰ দিনা জাৰ্মানীৰ শিল্পী ছাইমন ৱেকাৰ্টে আচৰিত কাণ্ড কৰি পেলালে (Read more about Simon Weckert’s Google Maps experiment)। তেওঁ ৯৯টা ছেকেণ্ড হেণ্ড স্মাৰ্ট ফোনত গুগল মেপ এপটো অন কৰি এটা পাত্ৰত ৰাখি দিলে। আৰু এই পাত্ৰটো এখন হেণ্ড কাৰ্টত বহুৱাই বাৰ্লিনৰ প্ৰায় যান-বাহন শূণ্য পথেৰে খোজেৰে আগবাঢ়িল। সেই সময়ছোৱাত গুগল মেপত উক্ত পথটো ৰঙা হৈ পৰিল। গুগল মেপ ব্যৱহাৰ কৰা সকলোৱেই জানে এই ৰঙা ৰং মানেই সেই পথত ভীষণ ট্ৰেফিক জাম। অৰ্থাৎ ছাইমন ডাঙৰীয়াই এই পৰীক্ষাৰ জৰিয়তে এক ভাৰ্চুৱেল ট্ৰেফিক জাম সৃষ্টি কৰিবলৈ সক্ষম হ’ল। কিয়নো গুগল মেপ ব্যৱহাৰ কৰা সকলোৱেই সেই পথছোৱাত ভীষণ ট্ৰেফিক জাম হৈ থকা বুলিয়েই মানি ল’লে অথবা সেই পথেৰে যাতায়াত কৰাৰ সিদ্ধান্ত পৰিহাৰ কৰিলে। উল্লেখনীয় কথাটো হ’ল ছাইমনে পৰীক্ষাৰ বাবে বাছি লোৱা পথটোৰ সমীপতেই গুগলৰ কাৰ্যালয়টোও অৱস্থিত।
এই উদাহৰণটোৰ পৰা আপুনি নিশ্চয় অনুমান কৰিছে গুগলে কেনেদৰে ট্ৰেফিকৰ পূৰ্বাভাস আমাক দিয়ে। গুগলৰ এই পূৰ্বাভাসৰ বুজন অংশই নিৰ্ভৰ কৰে আমাৰ ফোনৰ পৰা সংগ্ৰহ কৰা জিপিএছ স্থানৰ ওপৰত।
গুগল মেপৰ ট্ৰেফিক পূৰ্বাভাস প্ৰণালীঃ জিপিএছ ট্ৰেকিং চিষ্টেম
গুগলে সমগ্ৰ মোবাইল ব্যৱহাৰকাৰীক জিপিএছৰ জৰিয়তে অনুসৰণ কৰে। আৰু ইয়াৰ লগত গুগলৰ এলগৰিথিম (এলগৰিথম হ’ল কোনো এক সমস্যা সামাধান কৰাৰ বাবে প্ৰয়োজনীয় তথা সুনিৰ্দিষ্ট কিছু ষ্টেপৰ সমষ্টি, এই বিষয়ে অধিক জানিবলৈ আমাৰ এই লেখাটো পঢ়িব পাৰে) ব্যৱহাৰ কৰি গতিবেগ, দূৰত্ব এইবোৰ হিচাপ কৰি উলিয়ায়। যি পথত বহুসংখ্যক স্মাৰ্টফোনৰ ব্যৱহাৰকাৰী আছে তথা স্মাৰ্টফোনৰ জিপিএছৰ গতিবেগ কম সেই পথত ট্ৰেফিক জামৰ ৰঙা লাইন দেখুৱায় গুগল মেপে। তাৰ তুলনাত অপেক্ষাকৃতভাৱে গতিবেগ কিছু বেছি হ’লে হালধীয়া লাইনৰ দ্বাৰা কম পৰিমাণৰ ট্ৰেফিক জাম হৈ থকা দেখুৱায়। পথৰ লেনৰ আকাৰৰ তুলনাত একেবাৰে সীমিত সংখ্যক ম’বাইল ফোন পথত থাকিলে অথবা পথত থকা ম’বাইল ফোনসমূহৰ স্থান দ্ৰুত গতিত পৰিৱৰ্তন হ’লে সেউজীয়া লাইন প্ৰদৰ্শন কৰি সেই স্থানত ট্ৰেফিক জাম নাই বুলি আমাক জনায়।
- ট্ৰেফিক ইণ্ডিকেটৰ চিষ্টেম
- ৰঙা লাইন – ভীষণ ট্ৰেফিক জাম
- হালধীয়া লাইন – মধ্যম ট্ৰেফিক
- সেউজীয়া লাইন – মুকলি পথ
বৰ্তমান সময়ত আমি প্ৰায় সকলোৱেই ম’বাইল ফোন ব্যৱহাৰ কৰো। আমি ঘৰৰ পৰা ক’ৰবালৈ যাওঁতেও পথত আমাৰ হাতত মোবাইল ফোনটোও থাকে। আৰু প্ৰতিটো স্মাৰ্ট ফোনৰ লগতে আজিকালি কিছুমান ফিছাৰ ফোনটো জিপিএছ থাকে। ফোনত সংলগ্ন জিপিএছৰ মুখ্য কাম হ’ল প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰে স্থানৰ তথ্য সংগ্ৰহ কৰা। আনহাতে ট্ৰেফিক পইন্টসমূহৰ তথ্য গুগলে ইতিমেধ্যে সংগ্ৰহ কৰি থৈছে। গুগলে সেই ট্ৰেফিক পইন্টসমূহত থকা ম’বাইল ফোনসমূহৰ জিপিএছ ট্ৰেক কৰে। তদুপৰি এটা ট্ৰেফিক পইন্টৰ পৰা আনটোৰ দূৰত্ব মেপত আছেই। আনহাতে প্ৰতিখন দেশৰ ট্ৰেফিক কন্ট্ৰোলত ট্ৰেফিক ছিগনেলৰ সময় নিৰ্দ্ধাৰিত থাকে। গুগলে সংগ্ৰহ কৰি থোৱা পুৰণি তথ্যৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে প্ৰয়োজন হোৱা সময় হিচাপ কৰি গড় সময় আমাক প্ৰদৰ্শন কৰে। এই সমূহত তথ্য বিশ্লেষণ কৰি গুগলে আমাক ট্ৰেফিক সম্পৰ্কীয় সঠিক তথ্য যোগান ধৰিবলৈ চেষ্টা কৰে। এনেধৰণেই গুগলে মেনেজ কৰে তেওঁলোকৰ ট্ৰেফিক চিষ্টেম।
ডাটা সংগ্ৰহ আৰু বিশ্লেষণ
- জিপিএছ লোকেচন ডাটা
- ট্ৰেফিক পইন্টৰ তথ্য
- ট্ৰেফিক ছিগনেলৰ সময়সূচী
- ঐতিহাসিক ট্ৰেফিক ডাটা
পিছে আমি এই মেপ ব্যৱহাৰ কৰা বাবে কোনোধৰণৰ মাচুল বা ধন দিবলগা হোৱা নাই। আমাৰ বাবে গুগলৰ এই ছাৰ্ভিছ বিনামূলীয়া। ঠিক বিনামূলীয়া বুলি ক’লেও সঠিক নহ’ব। কিয়নো আমাৰ পৰা সংগ্ৰহ কৰা তথ্য বা Dataই হ’ল গুগল মেপৰ মূল আধাৰ।
গুগল মেপৰ বাণিজ্যিক ব্যৱহাৰ
- ব্যক্তিগত ব্যৱহাৰ – বিনামূলীয়া
- বাণিজ্যিক ব্যৱহাৰ – মাহিলি ২০০ ইউএছ ডলাৰ ক্ৰেডিট
- Enterprise solutions for businesses
আন বহুতো গুগল প্ৰডাক্টৰ দৰে মেপ ব্যক্তিগত ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া সেৱা হিচাপে গুগলে আগবঢ়াইছে। অৱশ্যে বাণিজ্যিক ভিত্তিত ব্যৱহাৰ কৰিব খুজিলে ইয়াৰ বিনিময়ত গুগলক নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগে। সৰু স্কেলৰ বাণিজ্যিক ব্যৱহাৰকাৰীৰ বাবে মাহিলি ২০০ ইউএছ ডলাৰ ক্ৰেডিট গুগলে বিনামূলীয়াকৈ আগবঢ়ায়।
পিছে এই জিপিএছ ব্যৱস্থাই কেনেদৰে কাম কৰে? জানিবলৈ ‘জিপিএছে কিদৰে কাম কৰে?’ শীৰ্ষক লেখাটো অনুগ্ৰহ কৰি পঢ়িব।
সামৰণি
যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক।