ভাৰতীয় নাৱিক (NavIC): আপোনাৰ ফোনৰ নতুন দিক-নিৰ্দেশক | NavIC: India’s Own Navigation System

pslv-c27-irnss-1d-courtesy-isro-c-NavIC sateligh-sucess

আজিৰ দিনত নেভিগেচন দৈনন্দিন জীৱনৰ অতিশয় অত্যাৱশ্যকীয় প্ৰযুক্তি হৈ উঠিছে। ইয়াৰ আটাতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহৃত ব্যৱস্থাটো হ’ল জিপিএছ। নেভিগেচন ব্যৱস্থাই মহাকাশত থকা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহৰ সহায়ত কোনো লোক বা সামগ্ৰীৰ অৱস্থানৰ সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰ বাবে লোকজনৰ লগত অথবা সামগ্ৰীবিধৰ সৈতে জিপিএছ ৰিছিভাৰ থকিব লাগিব।

নেভিগেচন চিষ্টেমৰ বিশ্ব পৰিদৃশ্য (Global Navigation Systems Overview)

  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিপিএছ (GPS of USA)
  • ৰাছিয়াৰ গ্ল’নাছ (GLONASS of Russia)
  • ইউৰোপীয় সংঘৰ গেলিলিঅ’  (Galileo of Europian Union)
  • চীনৰ বেইদউ (BeiDou of Peoples Republic of China)
  • জাপানৰ মিচিবিকি (Michibiki of Japan)

এই নেভিগেচন ব্যৱস্থাৰ জনক হ’ল আমেৰিকা। প্ৰথমে সামৰিক বাহিনীৰ বাবে সংস্থাপিত কৰা এই প্ৰযুক্তি পাছলৈ আমেৰিকাই বিশ্ববাসীৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়ে। আমেৰিকাৰ পাছত মহাকাশ বিজ্ঞানৰ এক বৃহৎ শক্তি ৰাছিয়াই 1982 চনত গ্ল’নাছ নামেৰে জিপিএছৰ বিকল্প বিশ্ববাসীৰ বাবে মুকলি কৰে। এই দুই নেভিগেচন ব্যৱস্থাৰ বাহিৰেও কম্পাছ (COMPASS) নামেৰে পৰিচিত চীনৰ বেইদউ নেভিগেচন ছেটেলাইট চিষ্টেম (Beidou Navigation Satellite System), ইউৰোপীয়ান ইউনিয়নৰ গেলিলিঅ’ (Galileo), এছিয়া পেছিফিক অঞ্চলৰ বাবে জাপানৰ মুখ্য পৃষ্ঠপোষকাৰ মিচিবিকি (Michibiki) আদি  জিপিএছৰ বিকল্প ব্যৱস্থা বৰ্তমান কাৰ্যক্ষম হৈ আছে।  

আমাৰ ভাৰতবৰ্ষ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শক্তিশালী দেশ। ইতিমধ্যে ভাৰতে শেহতীয়াভাৱে 2022 চনত মহাকাশলৈ মানুহ পঠিয়াব বুলি ঘোষণা কৰিছে। এবাৰতে 104টা উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি বিশ্ব ৰেকৰ্ড কৰি থৈছে ভাৰতে। আনহাতে, মঙলগ্ৰহলৈ প্ৰথম পদক্ষেপতে ‘মংগলযান’ উপস্থিত কৰাই এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হৈছে আমাৰ দেশ। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এনে এখন শক্তিশালী দেশৰ হাতত জিপিএছৰ নিজস্ব বিকল্প আছেনে? নিশ্চয় আছে, ভাৰতবৰ্ষৰ নিজস্ব নেভিগেনচন চিষ্টেমৰ নাম হ’ল নাৱিক (NavIK)। আমাৰ দেশৰ নেভিগেচন ব্যৱস্থা নাৱিকৰ বিষয়ে জানো আহক।

নাৱিক কি? (What is NavIC?)

ভাৰত চৰকাৰৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ (ISRO)ই সঞ্চালনা কৰা Indian Regional Navigation Satellite System (IRNSS)ৰ অপাৰেচনেল নাম হ’ল Navigation with Indian Constellation চমুকৈ NavIC (নাৱিক)। এই নাৱিক হ’ল ভাৰতৰ স্থানীয় উপগ্ৰহীয় নেভিগেচন ব্যৱস্থা, যি একুৰেট ৰিয়েল টাইম অৱস্থান আৰু সময় সেৱা আগবঢ়ায়। ভাৰতৰ মূল ভূ-খণ্ডৰ লগতে আমাৰ দেশৰ চাৰিওফালৰ 1500 কিলোমিটাৰ এলেকাত এই ব্যৱস্থাৰ জৰিয়তে সেৱা লাভ কৰিব পৰা হয়। তদুপৰি এই মুখ্য সেৱা অঞ্চলৰ বাহিৰেও ভাৰতৰ সীমান্তৰ 1500ৰ পৰা 6000 কিলোমিটাৰ পৰ্যন্ত এই ছিষ্টেমে সাঙুৰি লয়। নাৱিকত বৰ্তমান মুঠ 7 টা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহে সক্ৰিয়ভাৱে সেৱা আগবঢ়াই আছে। আৰু 5 টা উপগ্ৰহ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে। নাৱিকৰ অন্তৰ্গত ছিৰিজৰ প্ৰথমটো উপগ্ৰহ IRNSS-1Aৰ পাৰমাণৱিক ঘড়ীটো বিকল হৈ পৰাৰ পাছত মূল ৭টাৰ পৰা তাক আঁতৰাই ৰখা হৈছে। এই উপগ্ৰহটোক মূল সেৱাৰ পৰা অব্যাহতি তাৰ ঠাইত অন্য এটা উপগ্ৰহ উৎক্ষেপন কৰি কক্ষপথ সংস্থাপিত কৰা হৈছে। বৰ্তমান নাৱিকত অন্তৰ্ভুক্ত সক্ৰিয় উপগ্ৰহ কেইটা হ’ল- IRNSS-1B, IRNSS-1C, IRNSS-1D, IRNSS-1E, IRNSS-1F, IRNSS-1G আৰু IRNSS-1I. সংবাদ মতে, নাৱিকৰ মুঠ উপগ্ৰহৰ সংখ্যা 7 টাৰ পৰা বৃদ্ধি কৰি 11 টা কৰা হ’ব। এই চেটেলাইটসমূহৰ বাবে সৰ্বমুঠ 21টা ৰেঞ্জিং ষ্টেছন আছে। আমাৰ অসমৰ আটাতকৈ সমীপত থকা ষ্টেছনটো আছে মেঘালয়ত। নাৱিকে দুই পৰ্যায়ৰ সেৱা আগবঢ়ায়। অসামৰিক লোকৰ ব্যৱহাৰৰ বাবে ‘ষ্টেনডাৰ্ড পজিচনিং ছাৰ্ভিছ’ আৰু আনটো হ’ল ‘ৰেছট্ৰিকটেড ছাৰ্ভিছ’। অনুমোদিত ব্যৱহাৰকাৰী (যেনে সামৰিক বাহিনী)য়েহে এই ৰেছট্ৰিকটেড ছাৰ্ভিছ সেৱা গ্ৰহণ কৰিব পাৰে। 

মূল বৈশিষ্ট্যসমূহ

  • ৭টা সক্ৰিয় কৃৃত্ৰিম উপগ্ৰহ (7 active satellites)
  • ১৫০০ কিলোমিটাৰৰ প্ৰাথমিক কভাৰেজ এলেকা (1500 km primary coverage)
  • ২১টা ৰেঞ্জিং ষ্টেছনৰ সৈতে ৬০০০ কিলোমিটাৰ বিস্তাৰিত কভাৰেজ (6000 km extended coverage 21 ranging stations)

নাৱিকৰ জন্মৰ আঁৰৰ কাহিনী (Inside Story of NavIC)

বহু আগৰ পৰাই ভাৰতক থলুৱা উপগ্ৰহীয় নেভিগেচন ব্যৱস্থাৰ প্ৰয়োজন হৈ আছিল। তথাপি এই চাহিদা কিছু পৰিমানে বিদেশী নেভিগেচন ছিষ্টেম যেনে জিপিএছৰ সহায়ত পূৰ্ণ হৈছিল। সেয়া আছিল 1999 চনৰ কথা। কাৰগিলত পাকিস্তানী সেনা ভাৰতৰ সীমান্তৰে প্ৰৱেশ কৰি আক্ৰমণ আৰম্ভ কৰি দিলে। যুদ্ধৰ এই সময়ত ভাৰতৰ সামৰিক বাহিনীক প্ৰয়োজন হোৱা প্ৰথম বস্তুটোৱেই আছিল সেই অঞ্চলৰ জিপিএছৰ তথ্য। আৰু মহাকাশৰ এই ছিষ্টেমৰ অধিকাৰী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। এই তথ্য ভাৰত চৰকাৰক প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিলে আমেৰিকাই। বন্ধু ৰাষ্ট্ৰ হৈও জিপিএছ তথ্য যোগান ধৰিবলৈ অমান্তি হোৱাৰ পৰাই মূলতঃ ভাৰতে নিজাকৈ জিপিএছৰ বিকল্পৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিলে। 2007 চনত এই সংক্ৰান্তত প্ৰথমে ৰাজহুৱা ঘোষণা কৰাৰ পাছত, 2013 চনত প্ৰথম 7 টা দূৰ-সংবেদী কৃত্ৰিম উপগ্ৰহ কক্ষপথত সংস্থাপিত কৰিলে ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ’ৱে। 

ঐতিহাসিক কনটেক্স (Historical Context)

  • 1999 Kargil War
  • GPS denial by US
  • 2007 project announcement
  • 2013 first satellite launch

আপোনাৰ নেক্সট স্মাৰ্টফোনত জিপিএছৰ ঠাই ল’ব নাৱিকে

ভাৰতত প্ৰথমটো 5G স্মাৰ্টফোন ৰিয়েলমি এক্স টু প্ৰ’ (Realme X2 Pro) মুকলি কৰিছিল চীনৰ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান বিবিকে ইণ্টাৰনেচনেলে। ভাৰতত ফাইভ জি (5G)ৰ কাম কাগজত আৱদ্ধ হৈ থকা অৱস্থাতেই মুকলি কৰা ফোনটোৰ হাইএণ্ড হাৰ্ডৱেৰ স্পেছিফিকেচন তুলনাত দাম যথেষ্ট কম। ৰিয়েলমি ভাৰতৰ মুখ্য বিষয়া মাধৱ শেঠৰ মতে Realme X2 Pro হ’ল বিশ্বৰ প্ৰথমটো NavIK ইন্ট্ৰিগেটেড স্মাৰ্টফোন। এই স্মাৰ্টফোনটোৱে ডুৱেল বেণ্ড জিপিএছ ছাপৰ্ট কৰে। বাণিজ্যিক বৰ্ণনাত এই ফোনটোৱে AGPS, GNLONASS, আৰু Beidouৰ লগতে ভাৰতৰ নেভিগেছন ছিষ্টেম নাৱিক ছাপৰ্ট কৰে বুলি কোৱা হৈছে। এইটো ফোন যদি আপোনাৰ হাতত আছে সম্ভৱতঃ গুগল মেপত আপোনাৰ অৱস্থান নিৰ্ণয় কৰিছে আমাৰ দেশীয় নেভিগেছন চিষ্টেম NaviKএ। ইতিমধ্যে 2020 চনৰে জানুৱাৰী মাহত শীৰ্ষ চিপছেট নিৰ্মাতা প্ৰতিষ্ঠান Qualcomm (কোৱালকম)এ নাৱিক নেভিগেচন ছিষ্টেম ছাপৰ্ট কৰা Snapdragon 720G, 662 আৰু 460 ম’বাইল এছঅচি (SoC) মুকলি কৰিছে। পাছৰ মাহত প্ৰতিষ্ঠানটোৱে তেওঁলোক ফ্লেগশ্বিপ এছঅচি Snapdragon865য়েও নাৱিক ছাপৰ্ট কৰিব বুলি প্ৰকাশ কৰে। এই লেখা প্ৰস্তুত কৰা সময়লৈকে নাৱিক সংয়ুক্ত Realme X2 Proৰ বাহিৰে ভাৰতত উপলব্ধ আনটো স্মাৰ্টফোন হ’ল চীনৰ Xaomi প্ৰতিষ্ঠানৰ Redmi Note 9 Pro. আনহাতে, আইকিউ থ্ৰি (iQOO3) ফোনটোৱেও নাৱিক ছাপৰ্ট কৰে বুলি প্ৰকাশ কৰিছিল যদিও পাছলৈ এয়া উঠাই লয় নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে। অৱশ্যে iQOO3 ফোনটোত Snapdragon865 SoC থকা বাবে Firmware আপডেটৰ পাছত এই ফোনটোৱেও নাৱিক ছাপৰ্ট কৰিব বুলি আশা কৰিব পাৰি।

আৰু ক’ত ব্যৱহাৰ হয় নাৱিক

নাৱিকৰ ব্যৱহাৰসমূহ এনে ধৰণৰ- বিমান আৰু সামুদ্ৰিক নেভিগেচন; দুৰ্যোগ ব্যৱস্থাপনা; যান-বাহন ট্ৰেকিং আৰু নৌ পৰিচালন; ম’বাইল ফোন; যথাযথ সময় নিৰূপণ; মানচিত্ৰ আৰু ভূ-জৰীপৰ বাবে তথ্য গ্ৰহণ, পৰ্বাতাৰোহী আৰু ভ্ৰমণকাৰীৰ বাবে স্থলীয় নেভিগেচন আৰু চালকৰ বাবে দৃশ্য আৰু শ্ৰব্য নেভিগেচন।

আপোনাৰ স্মাৰ্টফোনটোৱে নাৱিক ছাপৰ্ট কৰেনে? জানিব কেনেকৈ? (How to Check NavIC support on your smartphone)

  • প্ৰথমে আপোনাৰ ফোনটোত GSPTest অথবা GNSSTest এপ Google Play Store ৰ পৰা ইন্সষ্টল কৰক। 
  • এতিয়া এই এপ অপেন কৰি Start Test প্ৰেছ কৰক।
  • এপটোৱে সকলোবোৰ নেভিগেচন ছেটেলাইটৰ অনুসন্ধান আৰম্ভ কৰি দিব।
  • যদি এপটোত আপুনি ভাৰতীয় ছেটেলাইট দেখা পায় তেন্তে জানিব আপোনাৰ স্মাৰ্টফোনটোৱে নাৱিক ছাপৰ্ট কৰে।

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক। 

Leave a Reply

Your email address will not be published. Required fields are marked *