কাৰো সহায় অবিহনে উইণ্ডজ অপাৰেটিং ছিষ্টেম ঠিক কৰক

উইণ্ডজ অপাৰেটিং ছিষ্টেমে সঠিকভাৱে যদি কাম নাই কৰা তেন্তে কেইটামান ষ্টেপ অনুসৰণ কৰি আপুনি নিজেই ইয়াক সুস্থিৰ আৰু সক্ৰিয় কৰি তুলিব পাৰে। এই ষ্টেপ-বাই-ষ্টেপ গাইডৰ জৰিয়তে আমি আপোনাৰ Windows OS মেৰামতি কৰাৰ প্ৰক্ৰিয়াৰ মাজেৰে লৈ যাম। এই গাইডৰ জৰিয়তে উইণ্ডজ অপাৰেটিং চিষ্টেমৰ সাধাৰণ সমস্যাসমূহ সমাধান কৰাৰ লগতে ছিষ্টেমৰ কাৰ্য্যকৰীতা পুনৰুদ্ধাৰ কৰাত আপুনি পাৰদৰ্শী হৈ উঠিব। 

মূল সমস্যা সমাধানৰে আৰম্ভ কৰক (Start with Basic Troubleshooting)

 

কোনো ধৰণৰ মেৰামতিৰ চেষ্টা কৰাৰ আগতে সৰু সৰু ত্ৰুটিবোৰ ঠিক কৰি লোৱাটো অতি প্ৰয়োজনীয়। আপোনাৰ কম্পিউটাৰ ষ্টাৰ্ট কৰক আৰু সৰল সমাধানসমূহৰ বাবে চেষ্টা কৰক। যেনে ঢিলা কেব, পেৰিফেৰেল সংযোগৰ সমস্যাসমূহ অথবা পাৱাৰৰ সমস্যাসমূহ। কেতিয়াবা এনেধৰণৰ সৰল পৰীক্ষাসূমহে চফ্টৱেৰৰ অস্থায়ী সমস্যাসমূহ সমাধান কৰিব পাৰে।

বিল্ট-ইন উইণ্ডজ সঁজুলিসমূহ ব্যৱহাৰ কৰক

উইণ্ডজত সাধাৰণ সমস্যাসমূহ নিৰ্ণয় আৰু মেৰামতি কৰাৰ বাবে কেইবাটাও বিল্ট-ইন সঁজুলি থাকে। আপুনি চেষ্টা কৰিব পৰা কেইটামান মূল সঁজুলি ইয়াত দিয়া হলঃ

ষ্টাৰ্টআপ মেৰামতি: যদি আপোনাৰ অপাৰেটিং ছিষ্টেম সঠিকভাৱে বুট বা ষ্টাৰ্ট হোৱা নাই তেন্তে ষ্টাৰ্টআপ মেৰামতি সঁজুলি ব্যৱহাৰ কৰক । উইণ্ডজ ইন্সটলেচন মিডিয়া অথবা এডভান্স ষ্টাৰ্টআপ অপচন মেন্যু ব্যৱহাৰ কৰক (Use Windows installation media or the Advanced Startup Options menu) এটা পেনড্ৰাইভত নিজেই কেনেদৰে উইণ্ডজ ইন্সটলেচন মিডিয়া প্ৰস্তুত কৰিব? ষ্টেপ-বাই-ষ্টেপ গাইডৰ বাবে ইয়াত ক্লিক কৰক।

চিষ্টেম ফাইল চেকাৰ (SFC): SFC এ আপোনাৰ নষ্ট হোৱা বা ডিলিট হোৱা চিষ্টেম ফাইলৰ বাবে স্কেন কৰে আৰু মেৰামতি কৰে। এডমিনিষ্টেটৰ হিচাপে কামাণ্ড প্ৰমপ্ট খোলক। প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ sfc /scannow লিখি ৰান (run) কৰক। এডমিনিষ্টেটৰ হিচাপে কামাণ্ড প্ৰমপ্ট খুলিবলৈ তলত দিয়া ষ্টেপ কেইটা অনুসৰণ কৰক।

1. কীবৰ্ডত উইণ্ডজ কী ধৰি ৰাখি R প্ৰেছ কৰিলে Run window খোল খাব।

2. Run window“cmd” টাইপ কৰক। এতিয়া Ctrl + Shift ধৰি ৰাখি Enter প্ৰেছ কৰক।

3. যদি User Account Control (UAC) উইণ্ড এখন পপআপ হয় তেন্তে “Yes” ক্লিক কৰি Command Promptadministrative privileges প্ৰদান কৰক।

4. এডমিনিষ্টিটিভ ৰাইটৰ সৈতে Command Prompt খুল খাব।

     মনত ৰাখিব, এডমিনিষ্টিটিভ ৰাইটৰ সৈতে Command Prompt ব্যৱহাৰে আপোনাক ছিষ্টেমৰ ওপৰত বিস্তৃত নিয়ন্ত্ৰণ প্ৰদান কৰে। গতিকে ইয়াক দায়িত্বশীলভাৱে আৰু কেৱল অতি প্ৰয়োজনৰ সময়তহে ব্যৱহাৰ কৰিব।

DISM সঁজুলি: চিষ্টেম ফাইল ৰিপেয়াৰৰ বাবে ডিপ্লয়মেন্ট ইমেজ ছাৰ্ভিচিং এণ্ড মেনেজমেন্ট (DISM) অন্য এবিধ উপযোগী সঁজুলি। এডমিনিষ্টেটৰ হিচাপে কামাণ্ড প্ৰমপ্ট খোলক আৰু মেৰামতি কৰিবলৈ DISM /online /cleanup-image /restorehealth টাইপ কৰি ৰান (run) কৰক ।

মেলৱেৰৰ বাবে পৰীক্ষা কৰক

 

মেলৱেৰৰ ফলত আপোনাৰ উইণ্ডজ অএছ ধ্বংস কৰি পেলাব পাৰে। ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ চিস্টেমৰ স্থিৰতাক প্ৰভাৱিত কৰিব পৰা যিকোনো ক্ষতিকাৰক চফ্টৱেৰ ধৰা পেলাবলৈ আৰু আঁতৰাবলৈ এটা ভাল এন্টিভাইৰাছ চফ্টৱেৰ ব্যৱহাৰ কৰি মেলৱেৰ আৰু ভাইৰাছৰ বাবে স্কেন কৰক। ফলপ্ৰসূভাৱে কাম কৰিবলৈ এন্টিভাইৰাছ শেহতীয়া ডেফিনেচন আপডেট কৰি লব। যদি আপুনি জেনিউন উইণ্ডজৰ লেপটপ ব্যৱহাৰ কৰি আছে তেন্তে উইণ্ডজ আপেডট ৰাখক। উইণ্ডজ চিকিউৰিটি অথবা উইণ্ডজ ডিফেণ্ডাৰ শেহতীয়া আপডেট নিশ্চিত কৰক। কোনো নতুন অথবা শক্তিশালী ভাইৰাচৰ দ্বাৰা ইনফেকটেড নহলে উইণ্ডজৰ লগত থকা এই ছফটেৱেৰে আপোনাৰ লেপটপ ভাইৰাছ মুক্ত কৰি ৰাখিব।

উইণ্ডজ ছিষ্টেম ৰেষ্টৰ (Windows System Restore)

যদি আপুনি শেহতীয়াকৈ কোনো চফ্টৱেৰ ইন্সটল, চিস্টেম আপগ্ৰেড বা ডাউনগ্ৰেড অথবা ড্ৰাইভাৰ আপডেটৰ পিছত সমস্যাৰ সন্মুখীন হৈছে তেন্তে উইণ্ডজ চিস্টেম ৰেষ্টৰ বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সহায়ত আপোনাৰ কম্পিউটাৰ সমস্যাবিহীনভাৱে চলি থকা কোনো এক পূৰ্বৱৰ্তী অৱস্থালৈ ঘূৰি যাব পাৰে। ইয়াৰ বাবে কন্ট্ৰল পেনেল খোলক, “ছিষ্টেম ৰেষ্টৰ (System Restore)” ছাৰ্চ কৰক। আৰু এটা সুস্থিৰ সময়লৈ ৰোল বেক কৰিবলে অন-স্ক্ৰীণ নিৰ্দেশনাসমূহ অনুসৰণ কৰক।

ৰিছেট বা ৰিফ্ৰেছ বিকল্পসমূহ বিবেচনা কৰক

যদি বাকী সকলো বিফল হয়, উইণ্ডজে
প্ৰদান কৰা ছিষ্টেম ৰিছেট বা ৰিফ্ৰেছ বিকল্পসমূহ ব্যৱহাৰ কৰক। এই বিকল্পই আপোনাক
আপোনাৰ ব্যক্তিগত ফাইলসমূহ ডিলিট নোহোৱাকৈ (অৱশ্যে ডিটিল কৰাৰ অপচনো আপুনি দেখা
পাব) উইণ্ড
জ পুনৰ ইনষ্টল কৰাৰ অনুমতি দিয়ে। 

1.   প্ৰথমে উইণ্ডজ ছেটিংছ খোলাৰ বাবে মেনু ক্লিক কৰক আৰু ছেটিংছ গিয়াৰ আইকন নিৰ্বাচন কৰক (বা Windows key+I টাইপ কৰি ৰান কৰক)। 

2.  ছেটিংছ উইণ্ডত “Update  & Security” ত ক্লিক কৰক। 

3.  ৰিছেট অব ৰিফ্ৰেছ অপচন বাছক, এতিয়া আপডেট এণ্ড ছিকিউৰিটি উইণ্ডোৰ বাওঁফালৰ মেন্যুত, “ৰিকভাৰী (Recovery)” নিৰ্বাচন কৰক। 

4.  সম্পূৰ্ণ ছিষ্টেম ৰিছেটৰ বাবে Reset this PC ক্লিক কৰক আৰু “Get started“ত ক্লিক কৰক। আপোনাৰ ডাটা মানে ফাইলসমূহ ৰাখিব নে সকলো আঁতৰাব নিৰ্বাচন কৰক আৰু ৰিছেট প্ৰক্ৰিয়াত আগবাঢ়ক । 

5.  ব্যক্তিগত ফাইলসমূহৰ কোনো ক্ষতি অথবা ডিলিট নোহোৱাকৈ ৰিছেট কৰিবলৈ “এডভান্স ষ্টাৰ্টআপ (Advanced startup)”ত গৈ, “ৰিষ্টাৰ্ট নাউ (Restart now)” ক্লিক কৰক। আপোনাৰ কম্পিউটাৰ উইণ্ডজ ৰিকভাৰী এনভায়ৰনমেণ্টত ৰিষ্টাৰ্ট হব। “ট্ৰাবুলশ্বুট (Troubleshoot)” নিৰ্বাচন কৰক, তাৰ পিছত “ৰিছেট দিছ পিচি (Reset this PC)চিলেক্ট কৰি “কীপ মাই ফাইলছ (Keep my files)” নিৰ্বাচন কৰক।  

6.  অন-স্ক্ৰীণ নিৰ্দেশনা অনুসৰণ কৰি আগবাঢ়ক। উইণ্ডজে আপোনাক বাকী থকা পদক্ষেপসমূহৰ মাজেৰে গাইড কৰিব। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাসমূহ অনুসৰণ কৰক। সাধাৰণতে Windows Reset বা Refreshত কিছু সময় প্ৰয়োজন হয়। খৰটকীয়া সম্পাদনৰ বাবে কম্পিউটাৰটো ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি ৰাখিব। ৰিছেট বা ৰিফ্ৰেছৰ বাবে আগবঢ়াৰ আগতে যিকোনো গুৰুত্বপূৰ্ণ তথ্যৰ বেকআপ লোৱাৰ দৰকাৰী। 

উপসংহাৰ

উইণ্ডজ অপাৰেটিং চিষ্টেম মেৰামতি কৰাটো কোনো কঠিন কাম নহয়। ওপৰত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰি সাধাৰণ সমস্যাসমহূৰ সমাধান কৰিব পাৰিব। কম্পিউটাৰৰ কাৰ্য্যকৰীতা পুনৰুদ্ধাৰ কৰিবলৈ আপোনাক কোনো বিস্তৃত কাৰিকৰী জ্ঞানৰ প্ৰয়োজন অথবা দক্ষ পেশাদাৰী হোৱাৰ প্ৰয়োজন নাই। অৱশ্যে যিকোনো ধৰণৰ মেৰামতিৰ চেষ্টা কৰাৰ আগতে গুৰুত্বপূৰ্ণ ফাইলসমূহ বেকআপ ল'বলৈ নাপাহৰিব। আৰু প্ৰয়োজন হলে পেছাদাৰী টেকনিচিয়ানৰ সহায় লওক। শুভেচ্ছা থাকিল!

746 thoughts on “কাৰো সহায় অবিহনে উইণ্ডজ অপাৰেটিং ছিষ্টেম ঠিক কৰক

Leave a Reply

Your email address will not be published. Required fields are marked *