জীৱনৰ এক অবিচ্ছেদ্য অংগ: বেটেৰী অবিহনে এদিন পাৰ কৰিব পাৰিবনে?
ধৰি লওক, আপুনি গুৱাহাটীৰ পৰা বাছেৰে উজনিলৈ গৈ আছে। বাছখন নগাঁৱৰ বাইপাছ পোৱাৰ লগে লগে আপুনি মন কৰিলে যে আপোনাৰ স্মাৰ্টফোনৰ বেটেৰী মাত্ৰ ২% আছে আৰু আপোনাৰ হাতত পাৱাৰ বেংকটোও নাই! আৰু গাড়ীখনত ম’বাইল চাৰ্জ কৰাৰ প্লাগ-ইন-পইণ্টো নাই। সেই মুহূৰ্তত আপোনাৰ মনলৈ যিটো ভয় বা শংকা আহে, সেয়াই প্ৰমাণ কৰে যে বৰ্তমান সময়ত আমি শক্তিৰ এই সৰু বাকচটোৰ ওপৰত কিমান নিৰ্ভৰশীল।
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাতত লোৱা ম’বাইল ফোনটোৰ পৰা আৰম্ভ কৰি, হাতৰ স্মাৰ্টৱাচ, টিভিৰ ৰিম’ট, ঘৰৰ ইনভাৰ্টাৰ আৰু আনকি আজিকালি ৰাস্তাত চলা ইলেক্ট্ৰিক বাছ, কাৰ বা স্কুটাৰলৈকে— সকলোতে বেটেৰীৰ একছত্ৰী সাম্ৰাজ্য। বেটেৰী হৈছে আধুনিক পৃথিৱীখনৰ ‘লাইফ-লাইন’ বা জীৱনৰেখা।
কিন্তু এই বেটেৰীৰ জন্ম কেনেকৈ হৈছিল? সঁচাকৈয়ে ইৰাকৰ বাগদাদত ২০০০ বছৰ পুৰণি বেটেৰী পোৱা গৈছিল নেকি? আজিৰ পৰা ১০ বছৰ পাছত আমাৰ হাতত কেনেকুৱা বেটেৰী থাকিব? আহক, আজিৰ এই লেখাটোত বেটেৰীৰ ইতিহাস, বৰ্তমানৰ প্ৰযুক্তি আৰু ভৱিষ্যতৰ ৰোমাঞ্চকৰ পৃথিৱীখনৰ বিষয়ে একেবাৰে সহজ অসমীয়া ভাষাত আলোচনা কৰিবলৈ চেষ্টা কৰিম। কিয়নো বেটেৰীৰ ইতিহাস আৰু ভৱিষ্যত বিষয়ে জনাটো আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ তথা দৰকাৰী বিষয়।
বেটেৰীৰ ইতিহাস: বাগদাদৰ ৰহস্যৰ পৰা বিদ্যুতৰ আৱিষ্কাৰলৈ
বেটেৰীৰ ইতিহাস সঁচাকৈয়ে বহুত আমোদজনক আৰু ৰহস্যময়। প্ৰাচীন কালত মানুহে বিজুলী-ঢেৰেকণিৰ দৰে প্ৰাকৃতিক বিদ্যুতৰ কথা জানিছিল যদিও ইয়াক ধৰি ৰখাৰ কোনো উপায় নাছিল তেওঁলোকৰ হাতত। তেন্তে আহক, এই লেখাটোত আমি বেটেৰীৰ ইতিহাস আৰু ভৱিষ্যত বিষয়ে সম্পূৰ্ণভাৱে আলোচনা কৰোঁ।
বাগদাদ বেটেৰী (The Baghdad Battery): এক প্ৰাচীন ৰহস্য
বহু ইতিহাসবিদে বিশ্বাস কৰে যে বেটেৰীৰ ধাৰণাটো হয়তো ২০০০ বছৰতকৈও পুৰণি! ১৯৩৮ চনত ইৰাকৰ বাগদাদৰ ওচৰত মাটি খান্দোতে এটা মাটিৰ পাত্ৰ পোৱা গৈছিল, যাৰ ভিতৰত তামৰ চিলিণ্ডাৰ আৰু লোৰ দণ্ড আছিল। ইয়াক ‘বাগদাদ বেটেৰী’ বুলি কোৱা হয়। বহু বিজ্ঞানীৰ মতে, প্ৰাচীন কালৰ মানুহে হয়তো আঙুৰৰ ৰস বা নেমুৰ ৰস এচিড হিচাপে ব্যৱহাৰ কৰি ইয়াৰ পৰা সামান্য পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰিছিল। অৱশ্যে, এইটো এতিয়াও এক বিতৰ্কিত বিষয়।
প্ৰথমটো বৈজ্ঞানিক খোজ: ভেকুলীৰ ঠেঙৰ পৰা ভোল্টাইক পাইলৰ আৱিষ্কাৰলৈ (১৭৯৯)



আধুনিক বেটেৰীৰ আৱিষ্কাৰৰ আঁৰত আছিল এটা মৰা ভেকুলী! লুইগি গেলভানি নামৰ এজন বিজ্ঞানীয়ে এদিন মৃত ভেকুলীৰ ঠেঙত দুডাল বেলেগ বেলেগ ধাতু লগাই দিওঁতে ঠেংখন কঁপি উঠিছিল। ইয়াৰ ওপৰত গৱেষণা কৰিয়েই ১৭৯৯ চনত ইটালীৰ বিজ্ঞানী আলেছন্দ্ৰো ভোল্টাই (Alessandro Volta) পৃথিৱীৰ প্ৰথমটো প্ৰকৃত বেটেৰী আৱিষ্কাৰ কৰে, যাৰ নাম আছিল ভোল্টাইক পাইল (Voltaic Pile)।
এই বেটেৰীটোত দস্তা (জিংক zinc) আৰু তামৰ সৰু সৰু থাল কিছুমান নিমখ পানীত তিয়াই লোৱা কাপোৰেৰে পৃথক কৰি এটাৰ ওপৰত আনটোকৈ জাপি থোৱা হৈছিল। এই সৰল আৱিষ্কাৰটোৱেই পৃথিৱীত মানুহে নিয়ন্ত্ৰণ কৰিব পৰা বিদ্যুতৰ প্ৰথমটো উৎস আছিল। তেওঁৰ সন্মানতেই বিদ্যুতৰ এককক ‘ভল্ট’ (Volt) বুলি কোৱা হয়।
প্ৰযুক্তিৰ দ্ৰুত বিকাশ: ডেনিয়েল কোষৰ পৰা লেড-এচিডলৈ
ভোল্টাৰ আৱিষ্কাৰৰ পাছত বিজ্ঞানৰ জগতত এক নতুন ঢৌ উঠিল:
- ডেনিয়েল কোষ (১৮৩৬): জন ফ্ৰেডেৰিক ডেনিয়েলে ইয়াক উদ্ভাৱন কৰে। ইয়াত দুটা পৃথক পাত্ৰত তাম আৰু জিংকৰ ইলেক্ট্ৰ’ড ব্যৱহাৰ কৰা হৈছিল, যিয়ে ভোল্টাৰ বেটেৰীতকৈ বেছি সময় স্থিৰভাৱে বিদ্যুৎ দিব পাৰিছিল।
- লেড-এচিড বেটেৰী (১৮৫৯): ফৰাচী বিজ্ঞানী গেষ্টন প্লেণ্টে পৃথিৱীৰ প্ৰথমটো ‘ৰিচাৰ্জেবল’ (পুনৰ চাৰ্জ কৰিব পৰা) বেটেৰী আৱিষ্কাৰ কৰে। হয়, আপুনি ঠিকেই ধৰিছে— এইটোৱেই হ’ল সেই একেটা প্ৰযুক্তি, যিটো আমি আজিও আমাৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ বা ঘৰৰ ইনভাৰ্টাৰ (Inverter)ত ব্যৱহাৰ কৰোঁ!
- শুকান কোষ বা Dry Cell (১৮৮৭): কাৰ্ল গেছনাৰে আৱিষ্কাৰ কৰা এই বেটেৰীত তৰল পদাৰ্থৰ সলনি এটা পেষ্ট (Paste) ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত বেটেৰী কঢ়িয়াই নিব পৰা (Portable) হ’ল। আজি আমি টিভিৰ ৰিম’ট বা দেৱাল ঘড়ীত লগোৱা পেঞ্চিল বেটেৰীবোৰ ইয়াৰেই আধুনিক ৰূপ।
- নিকেল-আইৰন বেটেৰী (১৯০১): বিখ্যাত বিজ্ঞানী টমাছ এডিচনে বৈদ্যুতিক গাড়ীৰ বাবে এই বেটেৰী আৱিষ্কাৰ কৰিছিল। যদিও তেতিয়া পেট্ৰ’ল গাড়ীৰ জনপ্ৰিয়তাৰ বাবে ই বেছি দূৰ আগবাঢ়িব নোৱাৰিলে, কিন্তু এডিচনৰ সেই সপোন আজিও জীয়াই আছে।
বেটেৰীয়ে আচলতে কেনেকৈ কাম কৰে? (The Simple Science)
বেটেৰীৰ বিজ্ঞানটো একেবাৰে সৰল। যিকোনো বেটেৰীৰ মূলতঃ তিনিটা অংশ থাকে:
১. এন‘ড (Anode): ঋণাত্মক বা নিগেটিভ অংশ।
২. কেথ‘ড (Cathode): ধনাত্মক বা পজিটিভ অংশ।
৩. ইলেক্ট্ৰ‘লাইট (Electrolyte): এবিধ ৰাসায়নিক পদাৰ্থ (তৰল বা পেষ্ট), যিয়ে এন’ড আৰু কেথ’ডৰ মাজত যোগাযোগ স্থাপন কৰে।
যেতিয়া আপুনি বেটেৰীটো কোনো সঁজুলিত (যেনে ম’বাইল বা লাইটত) সংযোগ কৰে, তেতিয়া ইলেক্ট্ৰ’লাইটৰ মাজেৰে ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু ইলেক্ট্ৰনবোৰ এন’ডৰ পৰা ওলাই তাঁৰৰ মাজেৰে কেথ’ডলৈ যাত্ৰা কৰে। এই ইলেক্ট্ৰনৰ প্ৰবাহেই হৈছে বিদ্যুৎ (Electricity)। ৰিচাৰ্জ কৰাৰ সময়ত ঠিক ইয়াৰ ওলোটা প্ৰক্ৰিয়াটো ঘটে আৰু বেটেৰীটোত পুনৰ শক্তি জমা হয়।
বৰ্তমানৰ বেটেৰী প্ৰযুক্তি: আমাৰ দৈনন্দিন জীৱনৰ চালিকা শক্তি
বিংশ শতিকাৰ শেষৰ ফালে বেটেৰীৰ পৃথিৱীখনলৈ এক ডাঙৰ বিপ্লৱ আহিল। তাৰ ফলস্বৰূপে বৰ্তমান বজাৰত প্ৰয়োজন অনুসৰি ভিন ভিন বেটেৰী পোৱা যায়।
|
বেটেৰীৰ প্ৰকাৰ |
ক‘ত ব্যৱহাৰ হয়? |
মূল সুবিধা |
|
লিথিয়াম-আয়ন (Li-ion) |
স্মাৰ্টফোন, লেপটপ, ইলেক্ট্ৰিক গাড়ী (EV)। |
ওজনত পাতল, বেছি শক্তি সঞ্চয় কৰিব পাৰে, দ্ৰুত চাৰ্জ হয়। |
|
লিথিয়াম পলিমাৰ (Li-Po) |
ড্ৰোন, অতি পাতল স্মাৰ্টফোন, পাৱাৰ বেংক। |
যিকোনো আকাৰত বনাব পাৰি, সুৰক্ষিত। |
|
লেড-এচিড (Lead-Acid) |
ঘৰৰ ইনভাৰ্টাৰ, পেট্ৰ’ল/ডিজেল গাড়ীৰ বেটেৰী। |
দামত সস্তীয়া, গধুৰ বস্তু চলাব পাৰে। |
|
নিকেল-মেটেল হাইড্ৰাইড (NiMH) |
কেমেৰা, হাইব্ৰিড গাড়ী, ৰিচাৰ্জেবল পেঞ্চিল বেটেৰী। |
পৰিৱেশৰ বাবে কম ক্ষতিকাৰক, দীৰ্ঘম্যাদী। |
|
ছডিয়াম-আয়ন (Na-ion) |
ভৱিষ্যতৰ সস্তীয়া ইভি (EV) আৰু গ্ৰীড ষ্ট’ৰেজ। |
লিথিয়ামতকৈ বহু গুণে সস্তীয়া আৰু সহজলভ্য। |
১. লিথিয়াম-আয়ন বেটেৰী (Li-ion): আজিৰ হিৰ’
আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় বেটেৰীটোৱেই হ’ল লিথিয়াম-আয়ন বেটেৰী। ইয়াৰ উচ্চ শক্তিৰ ঘনত্ব (High Energy Density) আৰু কম ওজনৰ বাবে ই ম’বাইল ফোন আৰু ইলেক্ট্ৰিক গাড়ীৰ বাবে একেবাৰে আদৰ্শ। ২০১৯ চনত জন বি গুডএনাফ, এম ষ্টেনলি হুইটিংগাম আৰু আকিৰা য়শ্বিন’ক এই যুগান্তকাৰী লিথিয়াম-আয়ন বেটেৰী আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানৰ ‘ন’বেল বঁটা’ প্ৰদান কৰা হৈছিল।
২. লিথিয়াম পলিমাৰ বেটেৰী (Li-Po)
এই বেটেৰীবোৰ লিথিয়াম-আয়নৰ দৰেই, কিন্তু ইয়াত তৰল ইলেক্ট্ৰলাইটৰ সলনি এবিধ জেলিৰ দৰে পলিমাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত বেটেৰীটো অতি পাতল আৰু নমনীয় (Flexible) কৰি বনাব পাৰি। আজিৰ দিনৰ স্লিম (Slim) স্মাৰ্টফোনবোৰ এই প্ৰযুক্তিৰ বাবেই সম্ভৱ হৈছে।৩. ফ্ল’ বেটেৰী (Flow Batteries)
এইটো এটা বিশেষ ধৰণৰ প্ৰযুক্তি য’ত ইলেক্ট্ৰলাইট দ্ৰৱ দুটা ডাঙৰ টেংকত ৰখা হয় আৰু বিদ্যুৎ উৎপাদনৰ বাবে সেইবোৰ পাম্প কৰা হয়। ইয়াক সাধাৰণতে ম’বাইল বা গাড়ীত ব্যৱহাৰ কৰা নহয়, বৰঞ্চ গ্ৰীড স্কেল শক্তি সঞ্চয় (যেনে- সৌৰ শক্তি বা বতাহৰ পৰা পোৱা শক্তি জমা কৰি ৰখা) প্ৰকল্পত ব্যৱহাৰ কৰা হয়।
স্মাৰ্টফোন আৰু লেপটপৰ বেটেৰী ভালে ৰখাৰ ৫ টা সহজ উপায়
আমি সকলোৱে এটা কথা মন কৰিছোঁ যে নতুন ফোন এটা কিনাৰ এবছৰ বা দুবছৰ পাছত তাৰ বেটেৰীটোৱে আগৰ দৰে চাৰ্জ ধৰি ৰাখিব নোৱাৰা হয়। ইয়াৰ মূল কাৰণ হ’ল বেটেৰীৰ ‘চাৰ্জিং চক্ৰ’ (Charging Cycle)। এটা লিথিয়াম-আয়ন বেটেৰীত সাধাৰণতে ৫০০ ৰ পৰা ১০০০ টা চাৰ্জিং চক্ৰ থাকে। এই সীমা অতিক্ৰম কৰাৰ পাছত ভিতৰৰ ৰাসায়নিক পদাৰ্থবোৰ দুৰ্বল হ’বলৈ ধৰে।
আপোনাৰ ডিভাইচৰ বেটেৰী দীৰ্ঘায়ু কৰিবলৈ এই ৫ টা নিয়ম মানি চলিব পাৰে:
১. ২০-৮০ নিয়ম: বেটেৰীটোক কেতিয়াও একেবাৰে ০% লৈ শেষ হ’বলৈ নিদিব আৰু সদায় ১০০% লৈকে ফুল চাৰ্জ কৰাৰো প্ৰয়োজন নাই। ২০% ৰ পৰা ৮০% ৰ ভিতৰত চাৰ্জ ৰাখিলে বেটেৰী বেছি দিন ভালে থাকে।
২. উত্তাপৰ পৰা বচাওক: বেটেৰীৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল গৰম বা উত্তাপ। ৰ’দত বা গৰমত ফোনটো এৰি থৈ নাযাব।
৩. চাৰ্জিঙৰ সময়ত গেম নেখেলিব: ফোনটো চাৰ্জত লগাই গেম খেলিলে বা হেভী এপ বা ছফ্টৱেৰ চলালে ফোনটো অতিমাত্ৰা গৰম হয়, যিয়ে বেটেৰীৰ ভিতৰৰ কোষবোৰ নষ্ট কৰে।
৪. অৰিজিনেল চাৰ্জাৰ ব্যৱহাৰ কৰক: সদায় ফোন বা লেপটপৰ লগত দিয়া অৰিজিনেল কোম্পানীৰ চাৰ্জাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।
৫. ৰাতিটো চাৰ্জত লগাই নথ‘ব: যদিও আজিকালিৰ স্মাৰ্টফোনবোৰত ‘অভাৰচাৰ্জিং প্ৰটেকচন’ থাকে, তথাপিও গোটেই ৰাতি চাৰ্জত লগাই থোৱাটো বেটেৰীৰ স্বাস্থ্যৰ বাবে ভাল নহয়।
বেটেৰীৰ ভৱিষ্যতৰ প্ৰযুক্তি: অহা ১০ বছৰত কি সলনি হ‘ব?
বৰ্তমানৰ লিথিয়াম-আয়ন বেটেৰীবোৰ ভাল যদিও ইয়াৰ কিছুমান সীমাবদ্ধতা আছে— যেনে বেছি গৰম হ’লে জুই লগাৰ ভয় থাকে আৰু চাৰ্জ হ’বলৈ সময় লাগে। সেয়েহে বিজ্ঞানীসকলে অহৰহ নতুন প্ৰযুক্তিৰ সন্ধানত আছে:
১. চলিড-ষ্টেট বেটেৰী (Solid-State Battery)
ভৱিষ্যতৰ ইলেক্ট্ৰিক গাড়ীৰ (EV) জগতখনত এই বেটেৰীয়ে এক ডাঙৰ বিপ্লৱ আনিব। ইয়াত তৰল ইলেক্ট্ৰলাইটৰ পৰিৱৰ্তে কঠিন পদাৰ্থ ব্যৱহাৰ কৰা হ’ব। টয়োটা (Toyota) ৰ দৰে কোম্পানীয়ে এই প্ৰযুক্তিত বহুত আগবাঢ়ি গৈছে।
-
- সুবিধা: ইয়াত জুই লগাৰ কোনো ভয় নাথাকিব, ই বৰ্তমানৰ বেটেৰীতকৈ দুগুণ বেছি শক্তি জমা কৰিব পাৰিব, আৰু আটাইতকৈ ডাঙৰ কথা— এখন ইলেক্ট্ৰিক গাড়ী মাত্ৰ ১০-১৫ মিনিটতে ফুল চাৰ্জ হৈ যাব!
২. গ্ৰাফিন বেটেৰী (Graphene Battery)
গ্ৰাফিন হৈছে কাৰ্বনৰ এটা অতি পাতল অথচ শক্তিশালী ৰূপ। ই বিদ্যুৎ সৰবৰাহৰ বাবে পৃথিৱীৰ আটাইতকৈ উত্তম পদাৰ্থসমূহৰ ভিতৰত অন্যতম। ইতিমধ্যে ইভি স্কুটাৰত ইয়াৰ পৰীক্ষামূলক বাণিজ্যিক প্ৰয়োগ আৰম্ভ হৈছে। ইয়াৰ ভিতৰত আমাৰ ভাৰতত উপলব্ধ কমাকি এমজি প্ৰ’, কমাকি এক্স ৱান, জিল’ জাডেন গ্ৰফিন আদিৰ নাম উল্লেখ কৰিব পাৰি। অৱশ্যে এইসমূহ নিম্ন গতিবেগৰ ইভি। আনহাতে গ্ৰাফিন বেটেৰী প্ৰযুক্তি স্মাৰ্টফোনত ব্যৱহাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে। ৰিয়েলমি জিটি ছেভেনত ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰযুক্তিৰ আইচ-কুল গ্ৰাফিন বেটেৰী সংযুক্ত কৰি বজাৰত উলিয়াইছে।যদিহে এই গ্ৰাফিন প্ৰযুক্তিৰ বেটেৰী সম্পূৰ্ণৰূপত স্মাৰ্টফোনত ব্যৱহাৰ কৰিব পৰা হয়, তেন্তে আপোনাৰ ফোনটো মাত্ৰ ৫ মিনিটতে ০ ৰ পৰা ১০০% চাৰ্জ হৈ যাব!
৩. মেটেল-এয়াৰ বেটেৰী (Metal-Air Battery)
এই বেটেৰীবোৰে আচৰিত ধৰণে কাম কৰে। ই আমাৰ বায়ুমণ্ডলত থকা অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰে। ইয়াৰ ওজন বহুত কম হ’ব আৰু এবাৰ চাৰ্জ কৰিলে এখন গাড়ীয়ে হয়তো ১০০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিব।
৪. বায়’বেটেৰী (Bio-Battery) আৰু কোৱাণ্টাম বেটেৰী (Quantum Battery)
বায়’বেটেৰীয়ে মানুহৰ তেজৰ শৰ্কৰা, ঘাম বা আন জৈৱিক পদাৰ্থৰ পৰা শক্তি আহৰণ কৰিব পাৰিব। আনহাতে, কোৱাণ্টাম বলবিজ্ঞান (Quantum Mechanics) ৰ সূত্ৰৰে নিৰ্মাণ হ’বলগীয়া কোৱাণ্টাম বেটেৰীয়ে নিমেষতে অসীম শক্তি সঞ্চয় কৰিব পাৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে। এইসমূহ এতিয়াও গৱেষণাগাৰতে আছে। যদিও ভৱিষ্যতৰ পৃথিৱীখন যে কল্পবিজ্ঞানৰ (Sci-fi) চিনেমাৰ দৰে হ’ব, সেয়া নিশ্চিত।
অসম, বৈদ্যুতিক বাহন আৰু পৰিৱেশৰ ভৱিষ্যত
অসমতো এতিয়া লাহে লাহে বৈদুতিক গাড়ীৰ (ইলেক্ট্ৰিক ভেহিকল বা ইভি EV) প্ৰচলন দ্ৰুতগতিত বাঢ়িছে। গুৱাহাটীৰ ৰাস্তাত চলা অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ এএছটিছি ASTC-ৰ চাৰিশ (৪০০) খন ইলেক্ট্ৰিক বাছ, ঘৰে ঘৰে কিনা টাটা নেক্সন ইভি (Tata Nexon EV) বা অন্যান্য ইলেক্ট্ৰিক গাড়ী, স্কুটাৰসমূহে পৰিৱেশ প্ৰদূষণ কমোৱাত ডাঙৰ অৰিহণা যোগাইছে। ইয়াৰ উপৰি আমাৰ আমাৰ গাঁৱে-ভূঁইয়ে কম খৰচী আৰু সহজলভ্য যাতায়াতৰ মাধ্যম হৈ পৰা বেটেৰী চালিত ই-ৰিক্সাসমূহ যাক আমি টম-টম বুলি কওঁ, এই বেটেৰী প্ৰযুক্তিৰেই অৱদান।
বেটেৰী প্ৰযুক্তি যিমানেই উন্নত হ’ব, সৌৰশক্তি, বায়ুশক্তি অথবা জলবিদ্যুতৰ দৰে নবীকৰণযোগ্য শক্তি (Renewable Energy) সাঁচি ৰখাটো সিমানেই সহজ হ’ব। অসম চৰকাৰৰ শেহতীয়া সৌৰ প্ৰকল্পসমূহে সফলতা লাভ কৰিবলৈ হ’লে উন্নত মানৰ বেটেৰী ষ্ট’ৰেজ চিষ্টেমৰ প্ৰয়োজন হ’ব। ইয়াৰ ফলত আমাৰ পইচা ৰাহি হোৱাৰ লগতে অসমৰ সেউজীয়া প্ৰকৃতিখনো কাৰ্বন নিৰ্গমনৰ (Carbon Emission) কিছু পৰিমাণে হলেও ৰক্ষা পৰিব।
বেটেৰীৰ ইতিহাস আৰু ভৱিষ্যতৰ বিষয়ে জনাটো কিয় গুৰুত্বপূৰ্ণ?
প্ৰকৃততে, বেটেৰীৰ ইতিহাস কেৱল বিজ্ঞানৰ কিতাপৰ পাতত আৱদ্ধ থকা এটা বিষয় নহয়। ই হৈছে মানুহৰ অদম্য ইচ্ছা আৰু উদ্ভাৱনী শক্তিৰ এক জীৱন্ত প্ৰমাণ। ভেকুলীৰ ঠেঙৰ পৰা পোৱা সামান্য বিদ্যুতৰ পৰা আজিৰ ইলেক্ট্ৰিক গাড়ী বা মহাকাশযান চলোৱা শক্তিলৈকে— এই যাত্ৰাই আমাক সোঁৱৰাই দিয়া কথাটোৱেই হ’ল যে মানৱীয় প্ৰচেষ্টাই অসম্ভৱকো সম্ভৱ কৰিব পাৰে।
আনহাতে, বেটেৰীৰ ভৱিষ্যতৰ বিষয়ে জনাটো আমাৰ অস্তিত্ব আৰু পৃথিৱীৰ সুৰক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। গোলকীয় উষ্ণতা বৃদ্ধি (Global warming) আৰু পেট্ৰ’ল-ডিজেলৰ দৰে জীৱাশ্ম ইন্ধনৰ দ্ৰুত হ্ৰাসৰ এই সময়ত, এখন প্ৰদূষণমুক্ত আৰু সেউজ পৃথিৱী গঢ়াৰ একমাত্ৰ চাবিকাঠি হ’ল উন্নত বেটেৰী প্ৰযুক্তি। কোৱা হয়, অহা দশকবোৰত যিখন দেশে বেটেৰী আৰু নবীকৰণযোগ্য শক্তিৰ (Renewable Energy) ওপৰত আধিপত্য বিস্তাৰ কৰিব, সেইখনেই বিশ্বৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব। সেয়েহে, এজন সচেতন নাগৰিক হিচাপে প্ৰযুক্তিৰ এই পৰিৱৰ্তনশীল ঢৌক হৃদয়ংগম কৰাৰ লগতে ভৱিষ্যতৰ সেউজ পৃথিৱীখনৰ বাবে নিজকে সাজু কৰি ৰখাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা।
সামৰণি
ভেকুলীৰ ঠেঙৰ পৰা আৰম্ভ হোৱা বিদ্যুতৰ এই যাত্ৰা আজি আহি কোৱাণ্টাম বেটেৰীৰ দুৱাৰদলিত উপস্থিত হৈছেহি। বেটেৰী প্ৰযুক্তিৰ দ্ৰুত বিকাশে আমাক এক বহনক্ষম (Sustainable) আৰু শক্তিশালী ভৱিষ্যতৰ দিশে লৈ গৈ আছে। অদূৰ ভৱিষ্যতে বেটেৰী অবিহনে মানৱ সভ্যতাৰ কথা কল্পনাই কৰিব পৰা নাযাব।
আশা কৰোঁ, বেটেৰীৰ ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতক লৈ প্ৰস্তুত কৰা এই লেখাটোৱে আপোনাক বহুতো নতুন কথা জানিবলৈ সহায় কৰিলে। আপোনাৰ স্মাৰ্টফোন বা লেপটপৰ বেটেৰীয়ে এতিয়া কেনেকৈ কাম কৰি আছে, সেয়া নিশ্চয় অনুভৱ কৰিব পাৰিছে!
প্ৰশ্ন: বেটেৰীৰ ইতিহাস কি?
উত্তৰ: বাগদাদ বেটেৰীৰ পৰা আৰম্ভ কৰি আধুনিক লিথিয়াম-আয়নলৈ বিকশিত হৈছে।
প্ৰশ্ন: ভৱিষ্যতৰ বেটেৰী কেনেকুৱা হ’ব?
উত্তৰ: ভৱিষ্যতৰ বেটেৰীবোৰ Solid-state আৰু graphene প্ৰযুক্তিৰ বহু উন্নত পৰ্যায়ৰ হ’ব।
আপোনাৰ মতামত জনাওক!
আপুনি বৰ্তমান কি কোম্পানীৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে আৰু তাৰ বেটেৰী বেক-আপ কেনেকুৱা? ভৱিষ্যতৰ ৫ মিনিটত চাৰ্জ হোৱা বেটেৰীৰ বাবে আপুনি আগ্ৰহীনে? তলত কমেন্ট কৰি আমাক নিশ্চয় জনাওক। যদি লেখাটো ভাল লাগিছে, তেন্তে আপোনাৰ বন্ধু-বৰ্গৰ সৈতে ফেচবুক বা হোৱাটছএপত (WhatsApp) শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
অসমীয়া ভাষাত প্ৰযুক্তিবিদ্যাৰ এনেকুৱা আকৰ্ষণীয় আৰু প্ৰয়োজনীয় খবৰসমূহ সহজকৈ পঢ়িবলৈ নিয়মিয়াকৈ ভিজিট কৰি থাকিব আমাৰ ৱেবছাইট Axomiyat.com।

