হাইব্ৰিড গাড়ী ডিকোডিং: ভাৰতত গ্ৰীণ ড্ৰাইভৰ লাভ আৰু লোকচান

hybrid-car-beautiful-leg-with-shoes-out-through-car-window
Spread the love

কল্পনা কৰক, আপুনি গুৱাহাটীৰ পৰা গোগামুখলৈ বুলি নিজৰ নতুন ইলেক্ট্ৰিক গাড়ীখন চলাই আহি আছে। গহপুৰ পাওঁতে হঠাতে আপোনাৰ চকু গ’ল গাড়ীৰ ডেচব‘ৰ্ডত থকা ইন্সট্ৰুমেণ্ট ক্লাষ্টাৰটোত (Instrument Cluster)— চাৰ্জ মাত্ৰ ২০% হে বাকী! খৰখেদাকৈ ওচৰৰ চাৰ্জিং ষ্টেচনত সোমাল, কিন্তু তাত আপোনাৰ দৰে দহখন গাড়ী আগৰে পৰা লানি পাতি ৰৈ আছে। ১ ঘণ্টাৰ আগতে কোনো এটা চাৰ্জিং পইণ্ট খালী হোৱাৰ আশা নাই, অথচ পিছৰটো ষ্টেচন পাবলৈকো এতিয়াও যথেষ্ট সময়ৰ বাট বাকী। এনে অৱস্থাত হাইৱেৰ মাজত আৱদ্ধ হৈ থকাটো কিমান বিৰক্তিদায়ক হ’ব পাৰে, সেইটো এজন ভুক্তভোগীয়েহে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব। অথবা ভাবক আন এটা দিশৰ পৰা— আপোনাৰ এখন পেট্ৰ’ল কাৰ আছে, যাৰ হাইৱেত মাইলেজ মাত্ৰ ১২-১৩ কিলোমিটাৰ। যি হাৰত তেলৰ দাম আকাশলংঘী হৈছে, প্ৰতিবাৰ পাম্পত ফুল টেংক তেল ভৰাওঁতে পকেটত যিটো কোব পৰে, সেইটো আপোনাৰ বাহিৰে আৰু কোনে ভালকৈ বুজি পাব? এনেকৈ চলি থাকিলে আপুনি ‘দেউলীয়া’ হ’বলৈ আৰু বেছি দিন নালাগিব? ইলেক্ট্ৰিক গাড়ীৰ চাৰ্জিঙৰ চিন্তা আৰু পেট্ৰ’ল গাড়ীৰ আকাশলংঘী খৰচ— এই দুই বিপৰীত সমস্যাৰ মাজত এনে কিবা এটা সমাধান আছে নেকি যিয়ে আপোনাক দুয়োটাৰ পৰাই মুক্তি দিব পাৰে? আপুনি কেতিয়াবা ভাবিছে নে— এখন গাড়ীয়ে পেট্ৰ’ল আৰু বিদ্যুতৰ মাজত খেল খেলি কেনেকৈ আপোনাৰ মাহেকীয়া তেলৰ খৰচ আচৰিত ধৰণে কমাই দিব পাৰে? এইখিনিতে প্ৰৱেশ ঘটে আজিৰ আমাৰ লেখাৰ নায়ক বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ী (Hybrid Cars)-ৰ। এয়া কেৱল এটা নতুন ইঞ্জিন নহয়, এয়া হৈছে যান্ত্ৰিক শক্তি আৰু বৈদ্যুতিক শক্তিৰ মাজৰ এক অদ্ভূত মিত্ৰতা। আজি আমি এই লেখাটোত এই বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ীৰ প্ৰতিটো খুটি-নাতি অতি সহজ ভাষাত ডিকোড কৰিম। কিয়নো তেলৰ মূল্য বৃদ্ধি আৰু ইলেক্ট্ৰিক গাড়ীৰ ব্যয়বহুলতা তথা চাৰ্জিং ষ্টেছনৰ আন্তঃগাঁথনিৰ সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত হাইব্ৰিড গাড়ী বিষয়টো আজিৰ ভাৰতত অত্যন্ত গুৰুত্বপূর্ণ হৈ পৰিছে ।

১. হাইব্ৰিড গাড়ী আচলতে কি? (The Science Behind Hybrid Vehicle)

সহজ ভাষাত, যিবোৰ গাড়ীত এটা ‘ইণ্টাৰনেল কমবাষ্টন ইঞ্জিন’ (Internal Combustion Engine – যিটো পেট্ৰ’ল বা ডিজেলত চলে) আৰু অন্ততঃ এটা ‘বৈদ্যুতিক মটৰ’ (Electric Motor – যিটো বেটাৰীত চলে) একেলগে থাকে, তাকেই আমি হাইব্ৰিড গাড়ী বুলি কওঁ। ইয়াৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো হ’ল— এই দুয়োটা শক্তিৰ উৎস বা পাৱাৰ-ছ’ৰ্চে ইটোৱে সিটোক সহায় কৰি গাড়ীখন চলায়। ইয়াৰ ফলত তেলৰ ব্যৱহাৰ নূন্যতম হয়।

ধৰি লওক, আপুনি চহৰৰ যান-জঁটত অতি লাহে লাহে গাড়ী চলাই আছে। এনে সময়ত এটা পেট্ৰ’ল ইঞ্জিনে সৰ্বাধিক ইন্ধন দহন কৰে। যাক আমি সাধাৰণ ভাষাত বেচিকৈ তেল খাই বুলি কওঁ। কিন্তু এনে পৰিস্থিতিত বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ীৰ স্মাৰ্ট কম্পিউটাৰে লগে লগে ইঞ্জিনটো বন্ধ কৰি দিয়ে আৰু ইলেক্ট্ৰিক মটৰটোক কামত লগাই দিয়ে। আকৌ যেতিয়া আপুনি হাইৱেত স্পীড উঠাব বিচাৰে বা কিবা অভাৰটেক কৰিব লাগে, তেতিয়া পেট্ৰ’ল ইঞ্জিনটোৱে অতিৰিক্ত শক্তি দিবলৈ ‘কিক ইন’ (Kick in) কৰে।

২. ই কেনেকৈ কাম কৰে? (The Technical Mechanism)

বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ীৰ কাম কৰাৰ প্ৰক্ৰিয়াটো বুজিবলৈ হ’লে আমি ইয়াৰ ভিতৰৰ মেকানিজমটো আৰু অধিক গভীৰভাৱে চাব লাগিব। ইয়াত তিনিটা মূল প্ৰযুক্তি ব্যৱহাৰ কৰা হয়:

ক) ৰিজেনেৰেটিভ ব্ৰেকিং (Regenerative Braking):

সাধাৰণ গাড়ীত আমি যেতিয়া ব্ৰেক মাৰোঁ, তেতিয়া চকাৰ ঘৰ্ষণৰ ফলত উৎপন্ন হোৱা সকলো শক্তি ‘তাপ’ হিচাপে বায়ুমণ্ডলত নষ্ট হৈ যায়। কিন্তু হাইব্ৰিড গাড়ীত এক বিশেষ ৰিভাৰ্চ-মটৰ থাকে। আপুনি ব্ৰেক মৰাৰ লগে লগে এই মটৰটোৱে এটা জেনেৰেটৰৰ দৰে কাম কৰি চকাৰ ঘূৰ্ণন শক্তিক বিদ্যুতলৈ ৰূপান্তৰ কৰে আৰু গাড়ীৰ বেটাৰীটো চাৰ্জ কৰে। অৰ্থাৎ, আপুনি যিমানেই ব্ৰেক মাৰিব, সিমানেই আপোনাৰ গাড়ীৰ বেটাৰী চাৰ্জ হ’ব! সেইবুলি আপুনি বেটেৰীটো চাৰ্জ কৰো বুলি যেতিয়াই তেতিয়াই  কৰি ব্ৰেক মাৰি নাথাকিব। এনেকৈ ব্ৰেক মাৰি থাকিলে এঘণ্টাৰ বাট যাওঁতে এদিন লাগিব । আচলতে এই প্ৰযুক্তিত বেটেৰী চাৰ্জ হোৱাটো এক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া।

খ) পাৱাৰ স্প্লিট ডিভাইচ (Power Split Device):

ইয়াত এটা জটিল কম্পিউটাৰাইজড ব্যৱস্থা থাকে। এই ব্যৱস্থাই কেতিয়া কেৱল পেট্ৰ’ল ইঞ্জিন চলিব লাগে বা কেতিয়া কেৱল বেটাৰী চলিব লাগে অথবা কোন সময়ক দুয়োটা একেলগে চলিব লাগে এই সিদ্ধান্ত নিমিষতে লয় । এই গোটেই প্ৰক্ৰিয়াটো ইমান নিৰৱচ্ছিন্ন (Seamless) হয় যে আপোনাৰ ইন্সট্ৰুমেণ্ট ক্লাষ্টাৰত থকা এনিমেচনটো নোচোৱাকৈ আপুনি গমেই নাপাব কেতিয়া কিহৰ সহায়ত গাড়ীখন চলি আছে।

গ) অটোমেটিক ষ্টাৰ্ট-ষ্টপ (Auto Start-Stop):

এই প্ৰযুক্তিত ট্ৰেফিক চিগনেলত গাড়ীখন ৰৈ থকাৰ লগে লগে ইঞ্জিনটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। তেতিয়া গাড়ীৰ এচি (AC), হেডলাইট আৰু মিউজিক চিষ্টেমটো বেটাৰীৰ সহায়ত চলি থাকে। ইয়াৰ ফলত অকাৰণে এক টোপালো ইন্ধন নষ্ট নহয়।

৩. হাইব্ৰিড গাড়ীৰ প্ৰকাৰসমূহ (Types of Hybrid Systems)

সকলো বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ী একে নহয়। ভাৰতীয় বজাৰত মূলতঃ তিনি প্ৰকাৰৰ বৰ্ণসংকৰ বা হাইব্ৰিড ব্যৱস্থা দেখা যায়:

  • মাইল্ড হাইব্ৰিড (Mild Hybrid – MHEV): মাৰুতি চুজুকিৰ অধিকাংশ গাড়ীত এইটো ব্যৱস্থা থাকে। ইয়াত এটা সৰু বেটাৰী আৰু মটৰ থাকে যিয়ে কেৱল ইঞ্জিনক অতিৰিক্ত শক্তি (Torque assist) দিয়ে। মনত ৰাখিব, মাইল্ড হাইব্ৰিড প্ৰযুক্তিত গাড়ী কেৱল বেটাৰীত চলিব নোৱাৰে। ৰিজেনেৰেটিভ ব্যৱস্থাৰে ইয়াৰ বেটেৰী চাৰ্জ হয়। কেৱল বেটেৰীত এই গাড়ীসমূহ চলিব নোৱাৰে যদিও ইন্ধনৰ দহন ১০ শতাংশ পৰ্যন্ত এই প্ৰযুক্তিয়ে হ্ৰাস কৰে।
  • ষ্ট্ৰং হাইব্ৰিড (Strong Hybrid – SHEV): টয়’টা হাইৰাইডাৰ বা হোণ্ডা চিটিত এইটো ব্যৱস্থা দেখা যায়। ইয়াৰ বেটাৰী আৰু মটৰ যথেষ্ট শক্তিশালী হয়। এই গাড়ীসমূহ ২-৩ কিলোমিটাৰ পৰ্যন্ত কেৱল ইলেক্ট্ৰিক মোডত (EV Mode) চলিব পাৰে। ইয়াতেই আচলতে মাইলেজৰ আচল যাদু দেখা যায়।
  • প্লাগ-ইন হাইব্ৰিড (Plug-in Hybrid – PHEV): এইবোৰ গাড়ীক আপুনি মোবাইলৰ দৰে বাহিৰৰ পৰা প্লাগ লগাই চাৰ্জ দিব পাৰে। ইয়াত ডাঙৰ বেটাৰী থাকে যাৰ ফলত ৫০-৬০ কিলোমিটাৰ পৰ্যন্ত আপুনি কেৱল ইলেক্ট্ৰিক শক্তিৰে গাড়ীখন চলাব পাৰিব।

৪. ভাৰতত হাইব্ৰিড গাড়ীৰ প্ৰাসংগিকতা (Why India Needs It?)

ভাৰতৰ দৰে বিশাল দেশ এখনত য’ত এতিয়াও হাইৱেত পৰ্যাপ্ত চাৰ্জিং পইণ্ট পোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। এই ক্ষেত্ৰত বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ী হ’ল আটাইতকৈ সুবিধাজনক ব্যৱহাৰিক সমাধান। কাৰণঃ

  • Range Anxiety নাই: আপোনাৰ বেটাৰী শেষ হ’লেও চিন্তা নাই, পেট্ৰ’ল ইঞ্জিনটো সদায় সহায়ৰ বাবে সাজু থাকে। আপুনি যিকোনো পেট্ৰ’ল পাম্পত তেল ভৰাই যাত্ৰা অব্যাহত ৰাখিব পাৰে।
  • আন্তঃগাঁথনিৰ প্ৰয়োজন নাই: আপুনি ইয়াক নিজাকৈ চাৰ্জ দিয়াৰ দৰকাৰ নাই (মাইল্ড আৰু ষ্ট্ৰং হাইব্ৰিডৰ ক্ষেত্ৰত)। এয়া নিজে নিজেই চাৰ্জ লয়।

উচ্চ মাইলেজ: ভাৰতীয় গ্ৰাহকে সদায় ‘মাইলেজ’ বিচাৰে। বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ীয়ে পেট্ৰ’ল বা ডিজেল গাড়ীতকৈ ৫০% পৰ্যন্ত অধিক মাইলেজ দিব পাৰে।

৫. অসমত হাইব্ৰিড গাড়ীৰ প্ৰাসংগিকতা

অসমৰ দৰে বিশেষ ভৌগোলিক পৰিৱেশৰ ক্ষেত্ৰত হাইব্ৰিড গাড়ীয়েই হৈছে আটাইতকৈ ব্যৱহাৰিক গ্ৰীণ-অপশ্যন। ৰাজ্যখনৰ গুৱাহাটী মহানগৰীৰ বাহিৰত বৈদ্যুতিক বাহনৰ বাবে ফাষ্ট চাৰ্জিং ষ্টেচনৰনেটৱৰ্ক এতিয়াও যথেষ্ট দুৰ্বল। সেয়েহে, বিশেষকৈ উজনি অসমলৈ কৰা দীঘলীয়া যাত্ৰা বা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ দৰে পাহাৰীয়া ৰাস্তাত ড্ৰাইভ কৰোঁতে কেতিয়াবা হঠাৎ অতিৰিক্ত পাৱাৰৰ প্ৰয়োজন হয়, যিটো হাইব্ৰিডৰ টৰ্ক এচিষ্ট‘ (Torque Assist) ফিচাৰে অতি সহজে চম্ভালি লয়। তদুপৰি, কাজিৰঙা বা মানসৰ দৰে ৰাষ্ট্ৰীয় উদ্যান তথা অন্যান্য সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে হাইব্ৰিড গাড়ীৰ নিঃশব্দ ইভি মোডটোৱে (Silent EV Mode) বন্যপ্ৰাণীৰ শান্তি বিঘ্নিত নকৰাকৈ এক পৰিৱেশ-অনুকূল ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। সহজ ভাষাত ক’বলৈ গ’লে, অসমৰ দুৰ্গম পথ আৰু বৰ্তমানৰ সীমিত আন্তঃগাঁথনিৰ বাবে হাইব্ৰিড প্ৰযুক্তি এক নিৰ্ভৰযোগ্য আৰু শক্তিশালী বিকল্প।

৬. হাইব্ৰিড গাড়ীৰ সুবিধাসমূহ: লাভৰ অংক

  • পকেট-ফ্ৰেণ্ডলী মাইলেজ: এটা সাধাৰণ পেট্ৰ’ল ইঞ্জিনে যদি চহৰত ১০-১২ কিমি মাইলেজ দিয়ে, একেখন বৰ্ণসংকৰ বা হাইব্ৰিড গাড়ীয়ে ২৭-২৮ কিমি পৰ্যন্ত মাইলেজ দিব পাৰে।
  • পৰিৱেশ সুৰক্ষা: বৈদ্যুতিক শক্তি ব্যৱহাৰ হোৱাৰ ফলত কাৰ্বন নিৰ্গমন বহু পৰিমাণে কমি যায়। সেউজ পৃথিৱীৰ বাবে এয়া এক ডাঙৰ পদক্ষেপ।
  • নিশব্দ আৰু মসৃণ যাত্ৰা: ইলেক্ট্ৰিক মোডত চলি থকাৰ সময়ত গাড়ীখনত কোনো ধৰণৰ যান্ত্ৰিক শব্দ বা কঁপনি (Vibration) নাথাকে।
  • চৰকাৰী সাহায্য: ভাৰতৰ দুই এখন ৰাজ্যত (যেনে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা) ষ্ট্ৰং আৰু প্লাগইন হাইব্ৰিড গাড়ীৰ ওপৰত পঞ্জীয়ন মাচুল (Registration fee) আৰু কৰ ৰেহাইৰ ব্যৱস্থা আছে।

৭. হাইব্ৰিড গাড়ীৰ অসুবিধাসমূহ: সাৱধান হ’বলগীয়া দিশ

  • অত্যধিক প্ৰাথমিক খৰচ (Upfront Cost): এখন হাইব্ৰিড গাড়ীৰ দাম তাৰ সমকক্ষ পেট্ৰ’ল গাড়ীৰ তুলনাত ২-৩ লাখ টকা বেছি হ’ব পাৰে।
  • মেৰামতিৰ জটিলতা: গাড়ীত দুটা ইঞ্জিন ব্যৱস্থা থকাৰ বাবে ইয়াৰ মেকানিজমটো যথেষ্ট জটিল হৈ পৰে। বেয়া হ’লে মেৰামতিৰ খৰচ যথেষ্ট বেছি হ’ব পাৰে।
  • ট্ৰাংক বা ডিকিৰ স্থান (Boot Space): গাড়ীৰ বেটাৰীসমূহ সাধাৰণতে ডিকিৰ তলত থাকে, যাৰ বাবে লগেজ থোৱাৰ ঠাই কিছু পৰিমাণে কমি যায়।
  • বেটাৰীৰ অৱক্ষয়: প্ৰায় ৮-১০ বছৰৰ পিছত বেটাৰীৰ ক্ষমতা কমি যাব পাৰে। নতুন বেটাৰী লগোৱাটো এটা খৰচী কাম।

৮. ভাৰতীয় বজাৰত উপলব্ধ শ্ৰেষ্ঠ হাইব্ৰিড গাড়ীসমূহ (২০২৬ আপডেট)

গাড়ীৰ নাম প্ৰকাৰ মাইলেজ (ARAI) মূল্য (লাখত)
টয়োটা হাইৰাইডাৰ Strong Hybrid ২৭.৯৭ কিমি/লি ১৬.৫০ – ২০.১০
মাৰুতি গ্ৰেণ্ড ভিটাৰা Strong Hybrid ২৭.৯৫ কিমি/লি ১৮.৩০ – ১৯.৮০
হোণ্ডা চিটি হাইব্ৰিড Strong Hybrid ২৬.৫০ কিমি/লি ১৮.৯৯ – ২০.৫০
মাৰুতি ইনাভিক্টো Strong Hybrid ২৩.২৪ কিমি/লি ২৫.০০ – ২৮.৫০
টয়োটা ইনোভা হাইক্ৰছ Strong Hybrid ২৩.২৪ কিমি/লি ২৫.৯৭ – ৩১.০০

সামৰণি: ভৱিষ্যত কি?

সামগ্ৰিকভাৱে চালে হাইব্ৰিড গাড়ী হৈছে এক ‘ট্ৰেনজিছন টেকনলজী’। অৰ্থাৎ, আমি সম্পূৰ্ণ ইলেক্ট্ৰিক জগতখনত প্ৰৱেশ কৰাৰ আগতে এয়া এক অতি প্ৰয়োজনীয় আৰু ব্যৱহাৰিক পদক্ষেপ। ভাৰতৰ দৰে বিশাল দেশ এখনত য’ত চাৰ্জিং ষ্টেচনৰ নেটৱৰ্ক গঢ়ি উঠিবলৈ এতিয়াও কেইবা বছৰৰ প্ৰয়োজন হ’ব, তাত হাইব্ৰিড গাড়ীসমূহে এক নিৰ্ভৰযোগ্য বিকল্প আগবঢ়াইছে।

যদি আপোনাৰ প্ৰতি মাহে গাড়ী চলোৱাৰ হিচাপ ১০০০ কিলোমিটাৰতকৈ বেছি, তেন্তে হাইব্ৰিড গাড়ী আপোনাৰ বাবে এক শ্ৰেষ্ঠ পছন্দ হ’ব পাৰে। ই কেৱল আপোনাৰ পকেটৰ বোজাই নহয়, বৰঞ্চ আমাৰ পৃথিৱীখনকো প্ৰদূষণমুক্ত কৰাত সহায় কৰিব। সেউজ পৰিবহণৰ এই যাত্ৰাত হাইব্ৰিড গাড়ীসমূহ নিঃসন্দেহে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

অধিক জানিবৰ বাবে (References):

আপোনাৰ মতামত জনাওক!

ভাৰত তথা অসমৰ পৰিপ্ৰেক্ষিতত হাইব্ৰিড গাড়ীৰ এই প্ৰযুক্তি সঁচাকৈয়ে এক ডাঙৰ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ পৰৱৰ্তী গাড়ীখন এখন হাইব্ৰিড গাড়ী হিচাপে ল’ব বিচাৰিব নেকি? নে আপুনি এতিয়াও সম্পূৰ্ণ ইলেক্ট্ৰিক বাহনৰ (EV) অপেক্ষাত আছে? তলৰ কমেণ্ট বক্সত আপোনাৰ মূল্যবান চিন্তাধাৰা আমাক নিশ্চয় জনাওক।

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা হাইব্ৰিড টেকনলজীৰ বিষয়ে কিবা নতুন কথা জানিব পাৰিছে, তেন্তে এই Post টো Facebook, Twitter, WhatsApp আৰু অন্য Social Media Site ত Share কৰিবলৈ নাপাহৰিব। আপোনাৰ মাত্ৰ এটা শ্বেয়াৰে আমাক অসমীয়া ভাষাত এনেধৰণৰ উন্নতমানৰ কাৰিকৰী সমল (Technical Content) বৃদ্ধি কৰাত যথেষ্ট উৎসাহিত কৰিব।

ভৱিষ্যতৰ নতুন প্ৰযুক্তি, ইণ্টাৰনেট জগতৰ ন-ন খবৰ আৰু অসমীয়া ভাষাত ৱেব পৃথিৱীৰ শেহতীয়া তথ্যসমূহ সহজ ভাষাত বুজি পাবলৈ আজিয়েই ভিজিট কৰক আমাৰ ৱেবছাইট Axomiyat.com। আমাৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিৰ এই যাত্ৰাত অংশীদাৰ হওক।

 


Spread the love

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top