আৰ অ’ ফিল্টাৰ: পানী বিশুদ্ধিকৰণৰ এক আধুনিক আৰু কাৰ্যকৰী পদ্ধতি

RO water filter installed in a modern kitchen, ensuring clean and purified drinking water

অসমীয়াত এষাৰ কথা আছে, পানীয়েই প্ৰাণীৰ প্ৰাণ। হাইস্কুলৰ ক্লাছত আমাৰ বিএছছি ছাৰে এদিন কৈছিল, তেওঁলোকৰ দিনত বোলে গৰুৰ খোজত ৰৈ যোৱা পানী খালেও একো নহৈছিল। তেওঁৰ কথাষাৰত আমি যথেষ্ট আমোদ পাইছিলো যদিও তেওঁ আমাক এক ৰূঢ় বাস্তৱৰ সন্মুখীন কৰাই দিছিল। পৰিৱেশৰ লগতে ব্যাপক হাৰত হোৱা জল-প্ৰদূষণে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। আমাৰ ছাৰসকলৰ দিনত গৰুৰ খোজত ৰৈ যোৱা পানীও বিশুদ্ধ আছিল। আমি স্কুলত পঢ়ি থকা দিনত স্কুলৰ চৌহদত থকা কুঁৱা আৰু টিউৱৱেলৰ পানী খাইছিলো। আজিৰ সময়ত সেই একেটা কুঁৱাৰ পানী পি খালে মই বেমাৰত পৰিম।

আজিকালি পানীৰ বিশুদ্ধতা এক গভীৰ সমস্যা হৈ পৰিছে। দূষিত পানীয়ে মানুহৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ অনিষ্টকাৰী প্ৰভাৱ পেলায় আৰু নানান ৰোগৰ সৃষ্টি কৰে। গতিকে, খোৱা পানী বিশুদ্ধ কৰাটো অতি প্ৰয়োজনীয়। আৰ অ’ ফিল্টাৰ (সম্পূৰ্ণকৈ Reverse Osmosis Filter, অসমীয়াত বিপৰীত আসৃতি শোধন)এ এই ক্ষেত্ৰত এক আধুনিক আৰু কাৰ্যকৰী সমাধান আগবঢ়াইছে। এই ব্লগত আমি বিপৰীত আসৃতি ফিল্টাৰ চমুকৈ আৰ অ’ ফিল্টাৰৰ কাৰ্যকৰী পদ্ধতি, ইয়াৰ সুবিধা, অসুবিধা আৰু কিছুমান গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে সহজে বুজি পোৱাকৈ আলোচনা কৰিম।

আৰ অ’ ফিল্টাৰৰ কাৰ্যকৰী পদ্ধতি

আৰ অ’ ফিল্টাৰে বিপৰীত আসৃতি (Reverse Osmosis) প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি কাম কৰে। বিপৰীত আসৃতি (Reverse Osmosis) হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া, য’ত পানী উচ্চ চাপত এটা অৰ্ধপাৰগম্য মেমব্ৰেনৰ মাজেৰে পাৰ হৈ যায়। এই বিষয়ে আমি তলৰ উদাহৰণসহ সহজ ভাষাত আলোচনা কৰিছো। এই প্ৰক্ৰিয়াত পানীৰ পৰা দূষিত পদাৰ্থবোৰ আঁতৰাই দিয়া হয়।

আৰ অ’ (RO) ফিল্টাৰৰ কাৰ্যপ্ৰণালী কেইটামান স্তৰত বিভক্ত। সাধাৰণতে এটা আৰ অ’ (RO) ফিল্টাৰত কেইবাটাও স্তৰ থাকে:

    1. প্ৰাথমিক পৰিশোধন বা প্ৰি-ফিল্টাৰঃ এই পৰ্যায়ত আকাৰ ডাঙৰ অশুদ্ধিবোৰ আঁতৰোৱা হয়।
    2. কাৰ্বন ফিল্টাৰঃ ক্ল’ৰিন আৰু দুৰ্গন্ধ দূৰ কৰে।
    3. আৰ অ’ (RO) মেমব্ৰেইনঃ অতি সূক্ষ্ম অশুদ্ধিবোৰ আঁতৰায়।
    4. পোষ্ট-ফিল্টাৰঃ অৱশিষ্ট অশুদ্ধিবোৰ আঁতৰায়।

    প্ৰাথমিক শোধন বা ফিল্টাৰেচন (Pre-Filtration):

    • পানী প্ৰথমে এটা প্ৰাথমিক ফিল্টাৰৰ মাজেৰে পাৰ হয়। এই স্তৰত পানীৰ পৰা ডাঙৰ ডাঙৰ অশুদ্ধি যেনে বালি, মলি, মাটি আদি আঁতৰোৱা হয়।
    • ইয়াৰ পিছত পানী এটা কাৰ্বন ফিল্টাৰৰ মাজেৰে যায়। ই পানীৰ পৰা ক্ল’ৰিন, কেমিকেল আৰু গোন্ধ আঁতৰায়।

    বিপৰীত আসৃতি প্ৰক্ৰিয়া (Reverse Osmosis Process ৰিভাৰ্ছ অম’ছিছ প্ৰছেছ):

    • এইটোৱেই হৈছে আৰ অ’ ফিল্টাৰৰ মূল স্তৰ। ইয়াত পানী উচ্চ চাপত এটা অৰ্ধপাৰগম্য মেমব্ৰেনৰ মাজেৰে পাৰ হ’বলৈ দিয়া হয়।
    • এই মেমব্ৰেনৰ ছিদ্ৰসমূহ ইমান সুক্ষ্ম যে পানীৰ অণুবোৰ মাত্ৰ ইয়াৰ মাজেৰে যাব পাৰে, কিন্তু দূষিত পদাৰ্থ যেনে ধাতু (আৰ্চেনিক, লেড, মাৰ্কাৰি), বেক্টেৰিয়া, ভাইৰাছ, আৰু অন্যান্য ৰাসায়নিক পদাৰ্থবোৰ ৰৈ যায়।
    • এই প্ৰক্ৰিয়াত পানীৰ প্ৰায় ৯৫-৯৯% দূষিত পদাৰ্থ আঁতৰোৱা হয়।

    প্ৰাথমিক শোধন বা ফিল্টাৰেচন (Pre-Filtration):

    • পানী প্ৰথমে এটা প্ৰাথমিক ফিল্টাৰৰ মাজেৰে পাৰ হয়। এই স্তৰত পানীৰ পৰা ডাঙৰ ডাঙৰ অশুদ্ধি যেনে বালি, মলি, মাটি আদি আঁতৰোৱা হয়।
    • ইয়াৰ পিছত পানী এটা কাৰ্বন ফিল্টাৰৰ মাজেৰে যায়। ই পানীৰ পৰা ক্ল’ৰিন, কেমিকেল আৰু গোন্ধ আঁতৰায়।

    বিপৰীত আসৃতি প্ৰক্ৰিয়া (Reverse Osmosis Process ৰিভাৰ্ছ অম’ছিছ প্ৰছেছ):

    • এইটোৱেই হৈছে আৰ অ’ ফিল্টাৰৰ মূল স্তৰ। ইয়াত পানী উচ্চ চাপত এটা অৰ্ধপাৰগম্য মেমব্ৰেনৰ মাজেৰে পাৰ হ’বলৈ দিয়া হয়।
    • এই মেমব্ৰেনৰ ছিদ্ৰসমূহ ইমান সুক্ষ্ম যে পানীৰ অণুবোৰ মাত্ৰ ইয়াৰ মাজেৰে যাব পাৰে, কিন্তু দূষিত পদাৰ্থ যেনে ধাতু (আৰ্চেনিক, লেড, মাৰ্কাৰি), বেক্টেৰিয়া, ভাইৰাছ, আৰু অন্যান্য ৰাসায়নিক পদাৰ্থবোৰ ৰৈ যায়।
    • এই প্ৰক্ৰিয়াত পানীৰ প্ৰায় ৯৫-৯৯% দূষিত পদাৰ্থ আঁতৰোৱা হয়।

    বিপৰীত আসৃতি প্ৰক্ৰিয়াটো বুজিবলৈ আমি এটা সহজ উদাহৰণ লৈছো। কল্পনা কৰক আপোনাৰ সন্মুখত দুটা পানীৰ গ্লাছ আছেঃ

    • প্ৰথম গ্লাছত বিশুদ্ধ পানী আছে
    • দ্বিতীয় গ্লাছত লৱণযুক্ত পানী আছে

    এতিয়া যদি আমি এই দুয়োটা গ্লাছৰ মাজত এখন অতি সূক্ষ্ম ছাকনি (মেমব্ৰেইন) ৰাখো, তেতিয়া কি ঘটিব? স্বাভাৱিকভাৱে পানী সদায় কম ঘনত্বৰ পৰা অধিক ঘনত্বলৈ প্ৰৱাহিত হ’ব। অৰ্থাৎ বিশুদ্ধ পানী লৱণযুক্ত পানীৰ ফালে গতি কৰিব। এইটোৱেই হৈছে সাধাৰণ আসৃতি (Normal Osmosis)। কিন্তু বিপৰীত আসৃতিত (Reverse Osmosis) এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোক ওলোটাই দিয়া হয়। কেনেকৈ?

    • লৱণযুক্ত পানীৰ ফালে অধিক চাপ প্ৰয়োগ কৰা হয়,
    • এই চাপৰ ফলত লৱণযুক্ত পানী মেমব্ৰেইনৰ মাজেৰে বিপৰীত দিশত যাবলৈ বাধ্য হয়,
    • মেমব্ৰেইনখন ইমানেই সূক্ষ্ম যে কেৱল পানীৰ অণুবোৰহে ইয়াৰ মাজেৰে যাব পাৰে,
    • লৱণ, ধাতু আৰু অন্যান্য অশুদ্ধিবোৰ মেমব্ৰেইনৰ এফালে আৱদ্ধ হৈ ৰয়, এইদৰে বিপৰীত আসৃতি প্ৰক্ৰিয়াই অশুদ্ধ পানীক বিশুদ্ধ কৰি তোলে।

    আৰু এটা উদাহৰণ লওঁ আহকঃ

    কল্পনা কৰক আপুনি এখন চাহৰ ছাকনি (tea strainer) ব্যৱহাৰ কৰি চাহ ছেকিছে। ছাকনিখনে চাহপাতৰ অংশবোৰ ৰাখি কেৱল তৰলখিনিহে নিৰ্গত হ’বলৈ দিয়ে। আৰ অ’ (RO) ফিল্টাৰেও একেদৰেই কাম কৰে। কিন্তু ইয়াৰ ছাকনিখন ইমানেই সূক্ষ্ম যে আমি খালী চকুৰে মনিব নোৱাৰা অতি ক্ষুদ্ৰ অশুদ্ধিবোৰকো ধৰি ৰাখিব পাৰে।

    চৰ্বণ স্তৰ (Post-Filtration):

    ৰিভাৰ্ছ অছম’ছিছ প্ৰক্ৰিয়াৰ পিছত পানী এটা চৰ্বণ ফিল্টাৰৰ মাজেৰে যায়। ই পানীৰ সোৱাদৰ লগতে গোন্ধ আৰু উন্নত কৰে। কিছুমান আৰ অ’ (RO) ফিল্টাৰত অতি বেঙুনীয়া ৰশ্মি (UV) এক স্তৰ অন্তৰ্ভুক্ত থাকে। এই স্তৰে পানীৰ পৰা বেক্টেৰিয়া আৰু ভাইৰাছ সম্পূৰ্ণৰূপে নাশ কৰে।

    সংৰক্ষণ টেংক (Storage Tank):

    বিশুদ্ধ কৰা পানী এটা সংৰক্ষণ টেংকত জমা কৰা হয়। যাৰ পৰা প্ৰয়োজন অনুসৰি বিশুদ্ধ পানী ব্যৱহাৰ কৰিব পাৰি।

    অৱশেষ পানী নিষ্কাশন (Waste Water Discharge):

    আৰ অ’ (RO) ফিল্টাৰে পানী বিশুদ্ধ কৰোঁতে যথেষ্ট পানী অপচয় কৰে। এই পানীত দূষিত পদাৰ্থবোৰ ঘনীভূত হৈ থাকে আৰু ইয়াক নিষ্কাশন নলীয়েৰে বাহিৰলৈ উলিয়াই পঠিওৱা হয়।

    আৰ’ ফিল্টাৰৰ সুবিধা

    • উচ্চ স্তৰৰ বিশুদ্ধতা: আৰ অ’ (RO) ফিল্টাৰে পানীৰ পৰা ৯৫-৯৯% দূষিত পদাৰ্থ আঁতৰায়। ফলত পানী প্ৰায় সম্পূৰ্ণ বিশুদ্ধ হয় বুলি কব পৰা যায়। এই প্ৰক্ৰিয়াৰ ফলত আমি প্ৰায় ৯৯ শতাংশ নিৰ্মল আৰু বিশুদ্ধ পানী লাভ কৰিব পাৰি।
    • ৰোগৰ প্ৰতিৰোধ: ই পানীৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া, ভাইৰাছ, ধাতু আৰু ৰাসায়নিক পদাৰ্থ আঁতৰাই পানীজনিত ৰোগৰ পৰা হাত সাৰিবলৈ সহায় কৰে।
    • সোৱাদ আৰু গোন্ধ উন্নত কৰে: আৰ অ’ (RO) ফিল্টাৰে পানীৰ পৰা ক্ল’ৰিন আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ আঁতৰাই পানীৰ সোৱাদ আৰু গোন্ধ উন্নত কৰে।
    • অধিক সুবিধাজনক: আৰ অ’ (RO) ফিল্টাৰে ঘৰুৱা ভাৱে ব্যৱহাৰ কৰিব পৰা যায় আৰু ইয়াৰ মেন্টেনেন্স কম।

    আৰ ’ ফিল্টাৰৰ কিছু অসুবিধা

    • খনিজ পদাৰ্থৰ হ্ৰাস: আৰ’ ফিল্টাৰে পানীৰ পৰা ক্ষতিকাৰক পদাৰ্থৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থ (যেনে কেলছিয়াম, মেগনেছিয়াম) আদিও আঁতৰাই পেলায়। সেয়েহে, আৰ অ’ (RO) ফিল্টাৰে শোধন কৰাৰ পিছত সেই পানীত খনিজ পদাৰ্থ যোগ কৰাটো উচিত। আজিকালি বজাৰত পোৱা ঘৰুৱা আৰ অ’ (RO) ফিল্টাৰসমূহৰ প্ৰায় কিছুসংখ্যত প্ৰয়োজনীয় খনিজ যোগ কৰাৰ ব্যৱস্থা সংযুক্ত থাকে।
    • পানীৰ অপচয়: আৰ অ’ (RO) ফিল্টাৰে ১ লিটাৰ পানী শোধন কৰোঁতে প্ৰায় ২-৩ লিটাৰ পানী অপচয় কৰে।
    • বিদ্যুৎৰ প্ৰয়োজন: ঘৰুৱা ব্যৱহাৰৰ বাবে বজাৰত উপলব্ধ প্ৰায় সকলোবোৰ আৰ অ’ (RO) ফিল্টাৰত পানী উচ্চ চাপত প্ৰৱাহিত কৰিবলৈ বিদ্যুতৰ প্ৰয়োজন হয়।

    আৰ’ ফিল্টাৰৰ প্ৰকাৰ

    • ঘৰুৱা আৰ অ’ (RO) ফিল্টাৰ: সাধাৰণতে ঘৰুৱা ব্যৱহাৰৰ বাবে এনে ফিল্টাৰসমূহ ডিজাইন কৰা হয়। এই আৰ অ’ (RO) ফিল্টাৰে পানীৰ পৰা দূষিত পদাৰ্থ আঁতৰাই পানী সুপেয় কৰে।
    • বাণিজ্যিক আৰ অ’ (RO) ফিল্টাৰ: বৃহৎ পৰিমাণৰ পানী বিশুদ্ধ কৰাৰ বাবে এনে ফিল্টাৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে কাৰখানা, স্কুল, চিকিৎসালয় আদিত এইবোৰ ব্যৱহাৰ কৰা হয়।
    • ইণ্ডাষ্ট্ৰিয়েল আৰ অ’ (RO) ফিল্টাৰ: উদ্যোগ আদিত পানী বিশুদ্ধ কৰাৰ বাবে এনে ফিল্টাৰৰ প্ৰকল্প ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰে পানীৰ পৰা অধিক পৰিমাণৰ দূষিত পদাৰ্থ আঁতৰোৱা হয়।

    আৰ’ ফিল্টাৰৰ মেন্টেনেন্স

    আৰ অ’ (RO) ফিল্টাৰৰ সঠিক ব্যৱহাৰ আৰু নিয়মিত মেন্টেনেন্সৰ প্ৰয়োজন। কিছুমান গুৰুত্বপূৰ্ণ দিশ হ’ল:

    • ফিল্টাৰ পৰিবৰ্তন: প্ৰাথমিক ফিল্টাৰ আৰু কাৰ্বন ফিল্টাৰ প্ৰতি ৬-১২ মাহৰ মূৰে মূৰে সলনি কৰিব লাগে।
    • মেমব্ৰেন পৰিষ্কাৰ কৰা: ৰিভাৰ্ছ অসম’ছিছ মেমব্ৰেন প্ৰতি ২-৩ বছৰৰ মূৰে মূৰে সলনি কৰিব লাগে।
    • সংৰক্ষণ টেংক পৰিষ্কাৰ কৰা: শোধিত পানী সংৰক্ষণ হোৱা টেংক নিয়মিত পৰিষ্কাৰ কৰিব লাগে যাতে পানীত কোনো ধৰণৰ দূষিত পদাৰ্থ নাথাকে।

    শেষৰ কথা আৰ অ’ (RO) ফিল্টাৰে পানী বিশুদ্ধ কৰাৰ এক আধুনিক আৰু কাৰ্যকৰী পদ্ধতি আগবঢ়াইছে। ইয়াৰ জৰিয়তে পানীৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰাই সুস্থ জীৱনশৈলী গঢ়ি তোলাটো সম্ভৱ। তথাপিও, ইয়াৰ কিছুমান সীমাবদ্ধতা আছে, যেনে পানীৰ অপচয় আৰু খনিজ পদাৰ্থৰ হ্ৰাস। সেয়েহে, আৰ অ’ (RO)  ফিল্টাৰ ব্যৱহাৰ কৰোঁতে এইবোৰ দিশৰ প্ৰতি গুৰুত্ব দিব লাগে। সঠিক ব্যৱহাৰ আৰু নিয়মিত মেন্টেনেন্সৰ জৰিয়তেহে আমি আৰ অ’ (RO) ফিল্টাৰৰ পৰা বিশুদ্ধ আৰু সুপেয় পানী লাভ কৰিবলৈ সক্ষম হম।

    Leave a Reply

    Your email address will not be published. Required fields are marked *