জিপিএছে কিদৰে কাম কৰে? How GPS Works?

কোনো দিনে গৈ নোপোৱা ঠাই এখনলৈ ফুৰিবলৈ গ’লে আজি কিছু বছৰৰ আগলৈকে স্থানীয় লোকৰ গাইডেন্স প্ৰাথমিক প্ৰয়োজন আছিল। নতুন ঠাইলৈ গৈ স্থানীয় লোকক সুধি-পুচিহে সেই ঠাইখন অথবা চহৰখনৰ ভ্ৰমণ সম্ভৱ হৈছিল। নতুন ঠাইৰ ৰাস্তা-পদুলি তথা বিভিন্ন স্থানসমূহ অচিনাকি হোৱা বাবে এই পদ্ধতিয়ে সকলো সময়তে সঠিক দিক-নিৰ্দেশনা দিয়াত বিফলো হৈছিল। এইবাবেই অচিনাকি চহৰলৈ গৈ হেৰাই থাকিম বুলিও বহুতেই ভয় খাইছিল। যদিহে আপোনাৰ হাতত এটা সম্পূৰ্ণ কাৰ্যক্ষম স্মাৰ্টফোন আছে তেনে এই চিন্তাৰ ওৰ পৰিল। কাৰণ অচিন চহৰত প্ৰতিক্ষণৰ গাইড হৈ আপোনাক সঠিক দিক-নিৰ্দেশনা দিবলৈ আছে অনলাইন মেপিং ছাৰ্ভিছ। চৌপাশৰ পৰিৱেশ-পৰিস্থিতৰ পৰা আৰম্ভ কৰি গন্তব্য স্থানৰ দূৰত্ব, আপোনাৰ প্ৰিয় খাদ্যৰ ৰেষ্টুৰেণ্ট, চৰকাৰী কাৰ্যালয়, বেংক, বাছ-মেট্ৰ’ অস্থানকে ধৰি ট্ৰেফিক জাম পৰ্যন্ত আপোনাক জনাই দিব অনলাইল মেপে। আপোনাৰ এই সমষ্ট অসুবিধা দূৰ কৰা এপল মেপ, গুগল মেপ, মাক্ৰছফট বিং মেপৰ সাফল্যৰ আঁৰত আছে এক যাদুকৰী প্ৰযুক্তি। সেয়া হ’ল গ্ল’ৱেল পজিছনিং ছিষ্টেম (Global Positioning System) বা সংক্ষেপে জিপিছ (GPS)। জিপিএছ নাথাকিলেও খুব সম্ভৱ আপোনাৰ বাবে গুগল মেপ উপলদ্ধ হ’লহেতেন। কিন্তু আপুনি কোন স্থানত আছে সেয়া গম নাপালেহেতন। গতিকে গুগল মেপ থাকিলেও আপোনাক প্ৰয়োজন হোৱা দিক-নিৰ্দেশনা (Navigation) দিবলৈ অক্ষম হ’লহেতেন গুগলকে ধৰি অনলাইন মেপৰ সেৱা আগবঢ়োৱা সংস্থাসমূহ। যাৰ ফলত অলা বা উবৰৰ চালকে আপোনাক বিচাৰি উলিয়াওতেই লগাই দিলেহেতেন কেইবা ঘণ্টা।

গ্ল’ৱেল পজিছনিং ছিষ্টেম (Global Positioning System) বুলি ক’লে বহুতে বুজি নাপালেও জিপিছ (GPS) ম’বাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে অপৰিচিত নহয়। আপোনাৰ নিশ্চয় কেতিয়াবা কৌতুহল হৈছে, কেনেকৈ কাম কৰে এই জিপিএছ বা নেভিগেচনে? এই লেখাটো প্ৰস্তুত কৰাৰ উদ্দেশ্যই হ’ল আপোনাৰ এই জিজ্ঞাসা দূৰ কৰা। 

জিপিএছ কি?

এয়া হ’ল আমাৰ পৃথিৱীৰ কক্ষপথত ২৪ টি কৃত্ৰিম উপগ্ৰহ অথবা ছেটেলাইটৰ জৰিয়তে সৃষ্টি কৰা এক ছিষ্টেম। এই ২৪টি ছেটেলাইটৰ বেকআপ হিচাপে ৩ টা অতিৰিক্ত ছেটেলাইট ৰখা আছে। অৱশ্যে অন্য এক তথ্য মতে জিপিএছ মুঠ ৩২টা ছেটেলাইট আছে। এই আটাইকেইটা ছেটেলাইট মিলি সমগ্ৰ পৃথিৱীকে ক’ভাৰ কৰে। আমাৰ মাজুলীৰ পৰা আমাজন অৰণ্যৰ গভীৰতম অংশকো এই জিপিএছে ছিগনেল অহৰহ প্ৰেৰণ কৰি ক’ভাৰ কৰে। আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয় প্ৰতিক্ষণ অতি কমেও ৪ টা ছেটেলাইট আপোনাৰ লগত থাকিবই। 

আপোনাৰ স্থানৰ সঠিক তথ্য কিদৰে দিয়ে জিপিএছে?

জিপিএছ ছিষ্টেমত অন্তৰ্ভূক্ত প্ৰতিটো ছেটেলাইটে অবিৰাম গতিত এক ধৰণৰ বেতাঁৰ তৰংগ বা ৰেডিঅ’ ছিগনেল (Radio Signal) প্ৰেৰণ কৰে। এই ৰেডিঅ’ ছিগনেল ৰিছিভ কৰিব পৰা চিপ আপোনাৰ স্মাৰ্ট ফোন তথা গাড়ীৰ নেভিগেছন ট্ৰেকাৰ ডিভাইছত সংলগ্ন থাকে। জিপিএছ ছেটেলাইটসমূহত পাৰমণৱিক ঘড়ী সংলগ্ন হৈ আছে। যি সুক্ষ্ম সময়ো নিৰ্ভুলভাৱে প্ৰদান কৰে। মহাকাশৰ পৰা প্ৰেৰিত এই ছিগনেলত সময় আৰু স্থান সন্নিৱিষ্ট থাকে। আপোনাৰ স্মাৰ্টফোনত ৰিছিভ হোৱা ছিগনেলটোৰ উৎপন্ন হোৱাৰ সময় আৰু আপোনাৰ ফোনটোৱে সেই ছিগনেল ৰিছিভ কৰাৰ সময়ৰ ব্যৱধানৰ পৰা সেই বিশেষ ছেটেলাইট আৰু ফোনটোৰ প্ৰকৃত দূৰত্ব হিচাপ কৰি উলিয়ায়। এই দূৰত্বৰ পৰাই জিপিএছে আপোনাৰ এক মুটামুটি অৱস্থান নিৰ্ধাৰণ কৰে। 

কিন্তু ইয়াতে এটা সমস্যা আহি পৰে। এটা ডিভাইছ (ধৰি লওক ছেটেলাইটো)ৰ সৈতে আন এটা ডিভাইছ (ধৰক লওক আপোনাৰ ম’বাইলটো)ৰ দূৰত্বৰ পৰা দ্বিতীয়টো ডিভাইছৰ অৱস্থান নিৰ্ণয় কৰিব নোৱাৰি। এয়া নিৰ্ভুলভাৱে নিৰ্ণয় কৰাৰ বাবে অতিকমেও তিনিটা ডিভাইছৰ সৈতে দূৰত্ব দৰকাৰ হয়। মানে আপোনাৰ কোনো বন্ধুৱে যদি ফোনত কয় যে তেওঁ আপোনাৰ পৰা ২ কিলোমিটাৰ দূৰত আছে, তেতিয়া দুয়োজনৰ এই দূৰত্বৰ পৰা আপুনি বন্ধু কোন স্থানত আছে সেয়া নিৰ্ণয় কৰিব নোৱাৰিব। উদাহৰণ এটা লওঁ আহক। 

ধৰক আপোনাৰ বন্ধুৱে ক’লে যে তেওঁ গুৱাহাটীৰ পল্টনবজাৰ থানাৰ পৰা প্ৰায় ১.৭ কিলোমিটাৰ দূৰত আছে। এতিয়া ১.৭ কিলোমিটাৰ দূৰত্বত লাখটকীয়াও হ’ব পাৰে, মণিপুৰী বস্তিও হ’ব পাৰে, গুৱাহাটী ৰেল ষ্টেছনো হ’ব পাৰে। গতিকে আপুনি পল্টনবজাৰ আৰক্ষী থানাক কেন্দ্ৰবিন্দু হিচাপে লৈ ১.৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰক। তাৰ পাছত বন্ধুৱে আপোনাক দ্বিতীয়টো দূৰত্ব প্ৰদান কৰি ক’লে যে তেওঁ ৰেৱটি চাট হাউচৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত আছে। এতিয়া ৰেৱতি চাট হাউচক কেন্দ্ৰবিন্দু হিচাপে লৈ  ১.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ আপুনি দ্বিতীয়টো বৃত্ত অংকন কৰক। এইবাৰ দেখিব দ্বিতীয় বৃত্তটোৱে প্ৰথমটো বৃত্তৰ দুই ঠাইত ছেদ কৰিছে। ইয়াৰে এটা স্থান হ’ল বিজুলী ভৱনৰ সন্মুখৰ ফায়াৰ ব্ৰিগেড আস্থান আৰু আনটো হ’ল সন্দিকৈ কলেজৰ সমীপত। এই দুই ছেদ বিন্দুৰ কোনোবা এটাতে তেওঁ আছে। কিন্তু তেওঁৰ প্ৰকৃত স্থান আপুনি এতিয়াও পোৱা নাই। তাৰ পাছত বন্ধুৱে আপোনাক জনালে, তেওঁ লটাশিল খেলপথাৰৰ পৰা আধা কিলোমিটাৰ দূৰত্বত আছে। এইবাৰ আপুনি লটাশিল খেলপথাৰক কেন্দ্ৰবিন্দু হিচাপে লৈ আধা কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰক। এইবাৰ দেখিব তিনিওটা বৃত্তই এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। বচ্, আপুনি পাই গ’ল বন্ধুৰ লোকেচন। বন্ধু আছে সন্দিকৈ ছোৱালী কলেজৰ সন্মুখত।  

জিপিএছেও এই নীতিৰেই কাম কৰে। আপোনাৰ ফোনৰ জিপিএছ চিপে একেসময়তে ৩ৰ পৰা ৪টা জিপিএছ ছেটেলাইটৰ সৈতে নিজৰ দূৰত্ব নিৰ্ণয় কৰি লয়। অতি কমেও ৩টা জিপিএছ ছেটেলাইটৰ ছিগনেল ব্যৱহাৰ কৰি ওপৰৰ উদাহৰণটোৰ দৰেই আপোনাৰ লোকেচন উলিয়াই দিয়ে ফোনটোৱে। সঁচাকৈয়ে স্মাৰ্ট নহয়নে আপোনাৰ ফোনটো। যিমান বেছি ছেটেলাইটৰ ছিগনেল ফোনটোৱে লাভ কৰিব সিমানেই সঠিক হ’ব আপোনাৰ লোকেচন। সেয়েহে ঘৰৰ ভিতৰতকৈ মুকলি আকাশৰ তলত লোকেচনৰ একুৰেচি বৃদ্ধি পায়। 

জিপিএছে কেনেকৈ প্ৰকাশ কৰে আপুনি থকা ঠাইৰ নাম?

এয়া সম্ভৱ কৰি তুলিছে জিপিএছৰ লগত ডিজিটেল মেপৰ সমন্বয়ে। কিয়নো সমন্বয় স্থান নিৰ্ণয় কৰি পেলালেও আপুনি থকা স্থানৰ নাম নাজানে জিপিএছে। ই কেৱল আপোনাৰ সমন্বয় বিন্দুৰ ক’ৰ্ডিনেট পইন্টহে নিৰ্ধাৰণ কৰে। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাধ্যমত আপোনাৰ দ্বিমাত্ৰিক অৱস্থানৰ ক’ৰ্ডিনেট পইণ্ট জিপিএছে উলিয়াই দিয়ে। সমগ্ৰ পৃথিৱীৰ প্ৰতিটো বিন্দুকেই আপুনি ক’ৰ্ডিনেট পইণ্টৰ মাধ্যমত প্ৰকাশ কৰিব পাৰে। দুখন ঠাইৰ নাম একে হ’লেও ক’ৰ্ডিনেট পইণ্ট পৃথক হ’বই। জিপিএছৰ এই ক’ৰ্ডিনেট পইণ্ট আপোনাৰ ফোনৰ এপ যেনে গুগল মেপ, বিং মেপ অথবা এপল মেপত প্লট কৰি দিয়াৰ লগে লগে আপুনি কোন ঠাইত আছে সেয়া স্পষ্ট হৈ পৰে। 

জিপিএছৰ বাবে ইণ্টাৰনেট জৰুৰী নেকি?

জিপিএছ ছিগনেল গ্ৰহণ কৰাৰ বাবে আপোনাৰ ফোনত ইণ্টাৰনেট সেৱা এক্টিভ হৈ থকাৰ কোনো প্ৰয়োজন নাই।  কেৱল গ্ৰাফিকেল মেপৰ এপবোৰ অনলাইন হোৱা বাবেহে প্ৰয়োজন হয় ইণ্টাৰনেটৰ। যদি আপুনি গুগল মেপ ব্যৱহাৰযোগ্য ৰূপত অফলাইন ডাউনলোড কৰি ৰাখে তেন্তে ইণ্টাৰনেট অথবা ফোনৰ নেটৱৰ্ক কানেকচন অবিহনেই জিপিএছ অন কৰি আপুনি নিজৰ লোকেচন চাব পাৰিব। 

জিপিএছৰ মালিক কোন?

জিপিএছ আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ মালিকানাধীন এক ব্যৱস্থা। ১৯৭০ চনত আমেৰিকাই তেওঁলোকৰ সামৰিক বাহিনীৰ কামত ব্যৱহাৰৰ বাবে এই ছেটেলাইটসমূহত মহাকাশলৈ প্ৰেৰণ কৰিছিল। পিছে ৮০ৰ দশকত আমেৰিকাই জিপিএছ ব্যৱস্থাক পৃথিৱীৰ সকলো দেশৰ নাগৰিকে ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত কৰি দিয়ে। এই ছেটেলাইটসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ পৃথিৱীত ৩০টা নিয়ন্ত্ৰণ কক্ষ আছে। বহু পুৰণি প্ৰযুক্তি যদিও সাধাৰণ মানুহে জিপিএছ একবাৰে সীমিত হাৰতহে ব্যৱহাৰ কৰিছিল। কিন্তু স্মাৰ্টফোনত জিপিএছ ৰিছিভাৰ চিপ সংযুক্ত কৰাৰ পাছৰ পৰাই গুগল মেপ, অলা, উবৰ, জমেট’ অদি সেৱাসমূহৰ জৰিয়তে ব্যাপক ৰূপত ব্যৱহাৰ আৰম্ভ হ’ল জিপিএছৰ। 

জিপিএছৰ বিকল্প আছেনে?

জিপিএছ হ’ল লোকেচন নিৰ্ধাৰণ কৰাৰ এটা ছিষ্টেম। ইয়াৰ বাহিৰেও লোকেচন জনাৰ বাবে আন বিকল্প পদ্ধতিও আছে। যেনে ম’বাইল ফোন সেৱা প্ৰদানকাৰী কোম্পানীয়ে ম’বাইল টাৱাৰৰ পৰা আপোনাৰ ফোন কিমান দূৰত আছে তাৰ জৰিয়তে অৱস্থান জানিব পৰে। তদুপৰি ৱাইফাই নেটৱৰ্কৰ জৰিয়তেও অৱস্থান নিৰ্ণয় কৰাৰ পদ্ধতি আছে। অৱশ্যে এইসমূহ জিপিএছৰ দৰে শক্তিশালী নহয়, তথা প্ৰচলনো কম। জিপিএছ যিহেতু আমেৰিকা চৰকাৰৰ অধীনস্থ, সেয়েহে কিবা পৰিস্থিতত আমেৰিকাই জিপিএছ বন্ধ কৰি দিলে বহু সমস্যাৰ সন্মুখীন হ’ব বিশ্বৰ নাগৰিক। সেয়ে ৰাছিয়াই ১৯৮২ চনত কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছিল গ্ল’নাছ (GLONASS) নামেৰে জিপিএছ দৰে এক ব্যৱস্থাৰ। স্মাৰ্টফোনত ছেটিঙছত যদি Location: A-GPS with GLONASS দেখা পায় তেন্তে বুজিব যে আপোনাৰ ফোনটোৱে আমেৰিকাৰ জিপিএছৰ লগতে ৰাছিয়াৰ গ্ল’নাছৰ জৰিয়তেও লোকেচন নিৰ্ণয় কৰিব পাৰে। ইয়াৰ বাহিৰেও কম্পাছ (COMPASS) নামেৰে পৰিচিত চীনৰ বেইদউ নেভিগেচন ছেটেলাইট চিষ্টেম (Beidou Navigation Satellite System), ইউৰোপীয়ান ইউনিয়নৰ গেলিলিঅ’ (Galileo), এছিয়া পেছিফিক অঞ্চলৰ মিচিবিকি (Michibiki) আদি হ’ল জিপিএছ দৰেই ব্যৱস্থা।*

পিছে আমাৰ ভাৰতৰ আছেনে জিপিএছৰ নিজস্ব বিকল্প? যদি এই বিষয়ে জানিব বিচাৰে তেন্তে ভাৰতৰ নিজস্ব জিপিএছৰ বিকল্পৰ ওপৰত প্ৰস্তুত কৰা ‘ভাৰতীয় নাৱিক‘ শীৰ্ষক লেখাটো পঢ়ি চাব।

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক। 

Written by Rinku Uday Das

*এই লেখাটো প্ৰস্তুত কৰোতে ইণ্টাৰনেটৰ সহায় লোৱা হৈছে।

2,411 thoughts on “জিপিএছে কিদৰে কাম কৰে? How GPS Works?

Leave a Reply

Your email address will not be published. Required fields are marked *